আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা ৰহমান
শিৱসাগৰ
৭ নৱেম্বৰ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰেও সদৌ অসম ছাত্ৰ সন্থা ৰাজপথত। ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। শিৱসাগৰৰ ৰাজপথত মূল্যবৃদ্ধি ৰোধৰ দাবীত হাতে হাতে কাঁহী-বাতি লৈ আছু কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ।

সমগ্ৰ ৰাজ্য এতিয়া নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে। প্ৰতিদিনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে। বিগত কিছুদিন ধৰি আছুয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। শনিবাৰেও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নিতৌ ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ পাছতো চৰকাৰে জনসাধাৰণক সকাহ প্ৰদান নকৰাৰ প্ৰতিবাদ উত্তাল হৈ পৰে শিৱসাগৰ৷ প্ৰতিবাদকাৰী আছু কৰ্মী সকলে মূল্যবৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত আলু, পিয়াঁজ আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সন্মুখত ৰাখি কাঁহী-বাতি বজাই নগৰৰ ব্যস্ততম দলমুখ চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মূর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, আদি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

ৰাজ্য চৰকাৰে অতি শীঘ্ৰে যদি নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য হ্ৰাস নকৰে তেন্তে অনাগত দিনত চৰকাৰখনে ইয়াতকৈ আৰু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে। শনিবাৰে আছুয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।