ইমৰান আলী

ডিব্ৰুগড়

৬ নৱেম্বৰ

হিন্দু সভ্যতা আৰু হিন্দু সংস্কৃতিৰ বিষয়ে নৱ প্ৰজন্মক আৰ্কষিত আৰু সমাজত হত্যা, হিংসা, সন্ত্ৰাস আদি অপসংস্কৃতি দূৰ কৰাৰ উদ্দেশ্য ডিব্ৰুগড়ত হিন্দু যুৱ ছাত্র পৰিষদে গ্ৰহণ কৰিছে এক যুগান্তকাৰী পদক্ষেপ। ডিব্ৰুগড় জিলাত ১০ সহস্ৰাধিক “শ্ৰী মদ্ভগৱদ গীতা” বিতৰণ কৰাৰ লক্ষ্য হিন্দু যুৱ ছাত্র পৰিষদৰ।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবত এক সংবাদ মেল অনুষ্ঠিত কৰি দেশত শান্তি-সম্প্ৰীতি গঢ়ি তোল স্বাৰ্থত সমগ্ৰ মানৱ সমাজে পবিত্ৰ মদ্ভগদ গীতা অধ্যয়ন কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে হিন্দু যুৱ ছাত্র পৰিষদৰ কৰ্মকর্তা সকলে। ডিব্ৰুগড় জিলাৰ কেইবাগৰাকী বিশিষ্ট লোকৰ লগতে আৰক্ষী, প্ৰশাসনিক বিষয়া সকলক তেওঁলোৰ বাসগৃহলৈ গৈ গ্ৰন্থখন প্ৰদান কৰা লগতে হিন্দু যুৱ ছাত্র পৰিষদৰ কৰ্মকর্তা সকলে ডিব্ৰুগড়ৰ থানা চাৰিআলি, চৌকিডীঙি আৰু পল্টনবজাৰত একোটাকৈ কেন্দ্ৰ মুকলি কৰি সকলো জাতি-জনগোষ্ঠীৰ লোককে শ্ৰী মদ্ভগদ গীতা বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি হিন্দু যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক নিৰজ শ্বাহে উল্লেখ কৰে। অৱশ্যে গ্ৰাহকে নিজৰ ভোটাৰ কাৰ্ড, ফোন নম্বৰসহ নাম ঠিকনা প্ৰদান কৰি উক্ত কেন্দ্ৰ সমুহৰ পৰা গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে হিন্দু যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে। জিলাখনৰ দহ সহস্ৰাধিক মদ্ভগদ গীতা বিতৰণৰ শেষৰ দিনা মাজুলীৰ দক্ষীণপাত সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যসহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে হিন্দু যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

সংবাদ মেলত হিন্দু যুৱ ছাত্র পৰিষদৰ উপদেষ্টা পংকজ বৰা উপস্থিত থাকি বৰ্তমান সময়ত যুৱ উশৃংখলতা বৃদ্ধি আৰু হত্যা, হিংসা, লুণ্ঠনৰ দৰে অমানৱীয় ঘটনা আৰু জাতি, জনগোষ্ঠীৰ মাজত মতভেদ আদিয়ে সমাজখন গ্ৰাস কৰাৰ বাবে সমাজত শান্তি-সম্প্ৰীতিৰ বাতাবৰণ গঢ়ি তোলাৰ স্বাৰ্থত সংগঠন টোৱে এনে পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। সংবাদ মেলত জিলা সভাপতি অমিত শইকীয়া, উপসভাপতি দ্বীপ ছেত্ৰীও উপস্থিত থাকে।উল্লেখযোগ্য যে, সংবাদ মেলতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সম্পাদক ৰাতুল বুঢ়াগোহাঁইক আনুষ্ঠানিক ভাবে শ্ৰী মদ্ভগৱদ গীতা প্ৰদান কৰে হিন্দু যুৱ ছাত্র পৰিষদে।