গুৱাহাটী

১১ মে’

মঙলাবাৰে বিতৰণ কৰা হয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সকলৰ দপ্তৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি মঙলাবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অন্যান্য মন্ত্ৰী সকলৰ দপ্তৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত সোমবাৰে শপত গ্ৰহণ কৰিছিল মন্ত্ৰীসভাত দপ্তৰ লাভ কৰা মন্ত্ৰী সকলে।

সকলো জল্পনা-কল্পনাৰ অন্ত ঘটাই সোমবাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ অন্যান্য কেইবাগৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কলাক্ষেত্ৰত।

শপত গ্ৰহণ কৰা মন্ত্ৰী সকলৰ ভিতৰত আছিল বিজেপি দলৰ ১০ গৰাকী বিধায়ক, মিত্ৰজোঁট দল অসম গণ পৰিষদৰ ২ গৰাকী বিধয়াক আৰু ইউ পি পি এলৰ ১ গৰাকী বিধায়ক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ৫ গৰাকী নতুন মুখৰ বিধয়াকক অন্তভুক্ত কৰা হৈছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৃহ আৰু গড়কপ্তানী বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ নিজৰ লগত ৰাখিছে মুখ্যমন্ত্ৰী গৰকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে লাভ কৰিছে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ।

পৰিবহন আৰু উদ্যোগৰ বিভাগৰ লগতে চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰ সংখ্যালঘু উন্নয়ন দপ্তৰ বিভাগো লাভ কৰিছে। অতুল বৰাক কৃষি বিভাগৰ লগতে পশুপালন আৰু অসম চুক্তি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পৰিমল শুক্লবৈদ্যই মীন, বন পৰ্যটন তথা আবকাৰী বিভাগ লাভ কৰিছে।

মিত্ৰজোঁট অসম গণ পৰিষদৰ কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগৰ লগতে তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব লাভ কৰিছে। শিক্ষা বিভাগৰ লগতে ভৈয়াম আৰু জনজাতি উন্নয়ন বিভাগ ধেমাজিৰ বিজেপি দলৰ বিধায়ক ডাঃ ৰণোজ পেগুক প্ৰদান কৰা হৈছে। বিত্ত আৰু সমাজ কল্যাণ বিভাগ আছে অজন্তা নেওগৰ হাতত।

জাগীৰোডৰ বিজেপিৰ বিধায়ক পীযুষ হাজৰিকাই লাভ কৰিছে জলসম্পদ বিভাগ, জনসংযোগ আৰু সাংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ বিভাগ। যোগেন মহনৰ হাতত আছে ৰাজহ, পাৰ্বত্য উন্নয়ন, খনি বিভাগৰ দায়িত্ব। গুৱাহাটী উন্নয়নৰ লগতে নগৰ উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালক।

টিংখাংৰ বিজেপি বিধায়ক বিমল বৰা থাকিব ক্ৰীড়া, শক্তি আৰু পৰ্যটন বিভাগৰ দায়িত্বত। সঞ্জয় কিষাণে লাভ কৰিছে চাহ জনজাতি আৰু শ্ৰম আৰু নিয়োগ বিভাগ। আনহাতে মিত্ৰজোঁট দল ইউ পি পি এল দলৰ ফালৰ পৰা মন্ত্ৰীত্ব লাভ কৰা চাপাগুৰি সমষ্টিৰ বিধায়ক উর্খাও গৌৰা ব্রহ্মই লাভ কৰিছে হস্ত আৰু বস্ত্ৰশিল্প বিভাগৰ লগতে ভূমি সংৰক্ষণ, ভৈয়াম আৰু জনজাতি উন্নয়ন বিভাগ।