ইয়াছিন আলী

বঙাইগাঁও
২০ অক্টোবৰ

দুখীয়া শ্ৰেণীৰ ৰাইজ বাবে চৰকাৰে প্ৰদান কৰা এক বিশেষ আচঁনিকলৈ এতিয়া গাঁৱে গাঁৱে প্ৰতিবাদ। আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগত প্ৰতিবাদ। চৰকাৰে যেন দুখীয়াৰ বাবে আঁচনি প্ৰদনা কৰা নাই, আঁচনিৰ নামত প্ৰদান কৰিছে কিছুমানক দুৰ্নীতি কৰাৰ লাইচেন্স। আঁচনি নহয় অনিয়মৰ ভাণ্ডাৰহে।

ৰাজ্য চৰকাৰে বিধবা, বিকলাংগ তথা অবিবাহিতা মহিলা সকলৰ বাবে ঘোষণা কৰা অৰুনোদয় নামৰ আঁচনিখনৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিভিন্ন ঠাইত এই আঁচনিখনৰ সুবিধা কেৱল শাসকীয় দলৰ লোককে প্ৰদান কৰাৰ অভিযোগ উথাপিত কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে এইবাৰ বঙাইগাঁৱত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তত হিতাধিকাৰী বাচনিত ব্যপক খেলিমেলি হোৱাৰ অভিযোগ উঠিছে। যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি আৰ্থিকভাৱে সৱল তথা স্বামী থকা মহিলা সকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত সংঘটিত হোৱা এই ব্যাপক খেলিমেলিৰ বিৰুদ্ধে চাকলা দ্বিতীয় খণ্ড আৰু নাম্বাৰপাৰা গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক বিধৱা, বিকলাংগ তথা অবিবাহিত মহিলা ওলাই আহি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। আঁচনিৰ পৰা নাম বাদ পৰা যোগ্য হিতাধিকাৰী সকলে অসম চৰকাৰ হায় হায়, অৰুনোদয় আঁচনিৰ দুৰ্নীতি বন্ধ কৰক, যোগ্য হিতাধিকাৰীক তালিকাভুক্ত কৰক, বিধবা বিকলাংগ বঞ্চিত কৰা নচলিব আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মহিলা সকলৰ লগতে পঞ্চায়ত সদস্যই অভিযোগ কৰি কয় যে বিভাগীয় কতৃপক্ষৰ লগত বুজাবুজি কৰি দুষ্টচক্ৰই যোগ্য হিতাধিকাৰীক অৰুনোদয় আঁচনিৰ পৰা বঞ্চিত কৰিছে। আঁচনিখনৰ পৰা বাদ পৰা প্ৰতিজন যোগ্য ব্যক্তিক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে।

ৰাজ্যৰ বিভিন্ন ঠাইত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে কিছুদিন পূৰ্বে নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত ভেলেউগুৰি পঞ্চায়তত শাসকীয় দলৰ লোককহে অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ উথাপিত হৈছিল। পঞ্চায়তটোৰ ৱাৰ্ড সদস্য আৰু সভাপতি গৰাকীয়ে প্ৰকৃত হিতাধিকাৰী, বিধবা মহিলা আৰু বিকলাংগ সকলক অগ্ৰাধিকাৰ প্ৰদান নকৰি বিজেপি দলৰ লোককহে অৰুনোদয় আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰি শতাধিক মহিলাই “অৰুণোদয় আঁচনি বন্ধ কৰক”, “অৰুনোদই আঁচনিৰ নামত অনিয়ম নচলিব” আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।