ছয়গাঁও

২০ অক্টোবৰ

এইবাৰ ড্ৰাগছ ব্যৱসায়ী পৰিল ছয়গাঁও আৰক্ষীৰ জালত। ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত দুজন ড্ৰাগছ ব্যৱসায়ী আটক। দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ী দুজনে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। অভিযানত আৰক্ষীয়ে জব্দ কৰিলে ৭ গ্ৰাম হেৰ’ইন।

ছয়গাঁও আৰক্ষীৰ জালত পুনৰবাৰ ড্ৰাগছ ব্যৱসায়ী৷ সোমবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে জোৰশিমলুৰ পৰা আটক কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত সোমবাৰে নিশা ছয়গাঁও আৰক্ষী আৰু জোৰশিমলু আৰক্ষীয়ে এক অভিযান চলাই জোৰশিমলু বজাৰৰ পৰা আটক কৰে জমিৰ খান আৰু ফৰিদুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৃহত্তৰ ছয়গাঁও অঞ্চলত এই লোক দুজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল৷ আৰক্ষীয়ে লোক দুজনৰ পৰা ৭ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈও সক্ষম হয়৷ আৰক্ষীয়ে বৰ্তমান ড্ৰাগছ ব্যৱসায়ী দুজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীয়ে বিগত কিছুদিন ধৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অপৰাধ বিৰোধী অভিযান চলাই আহিছে। আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলা অভিযানত কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ লগতে অন্যান্য অপৰাধী আৰক্ষীৰ জালত পৰিছে। কলিপ পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্রী জব্দ কৰাৰ লগতে বহু চুৰিৰ বাইক উদ্ধাৰ কৰিছে।