আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰৰ

১৯ অক্টোবৰ

বিজেপিৰ সভ্যতাৰ সংজ্ঞাক নসাৎ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷ বিজেপিয়ে সৃষ্টি কৰা সভ্যতাৰ সংজ্ঞাৰ সৈতে অসমীয়া নাই। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ দিন ওকলিল বুলিও বিস্ফেৰক মন্তৰ্ব্য লুৰিণজ্যোতি গগৈৰ৷

সোমবাৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিন ধৰি বিভিন্ন মেল-মিটিংত বাৰম্বাৰ আগন্তক ২০২১ বর্ষৰ নিৰ্বাচন দুই সভ্যতাৰ মাজত যুঁজ হ’ব বুলি মন্তব্য প্ৰকাশ কৰি থকাৰ মাজতে এইবাৰ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈও আগন্তক ২০২১ বর্ষৰ নিৰ্বাচন দুই সভ্যতাৰ মাজত হ’ব বুলি মন্তব্য প্ৰকাশ কৰিলে। আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কিন্তু বিজেপিৰ বিজেপিৰ সভ্যতাৰ সংজ্ঞাক নসাৎ কৰি কয় যে “এইবাৰ দুই সভ্যতাৰ মাজত যুঁজ হ’ব সঁচা কথা। এটা সভ্যতা হ’ল যি বিদেশীৰ পৃষ্ঠপোষকতা কৰে, হিন্দু-মুছলমান সকলো বিদেশীকে ইয়াত সংস্থাপন কৰি বিচাৰে, যি সভ্যতাটোৱে ইয়াত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিব যায়, যি সভ্যতাটোৰ কোনো মেৰুদণ্ড নাই, তেওঁলোকে অক্সিজেন লৈ জীয়াই আছে সেই সভ্যতাৰ লগত শংকৰ-মাধৱ-আজান ফকীৰ, চাওলুং চুকাফা আৰু মহাৰাজ নৰণাৰায়নে প্ৰতিষ্ঠা কৰি যোৱা সভ্যতাৰে যুঁজ হ’ব”। লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে দুই সভ্যতাৰ এই যুঁজত বিজেপিয়ে সৃষ্টি কৰা সভ্যতাৰ সংজ্ঞাৰ সৈতে অসমীয়া নাই। অসমীয়া আছে

উল্লেখ্য যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদহ বাৰ্ষিক অধিৱেশনৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু সম্পাদক লুৰীণজ্যোতি গগৈ। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই উন্মোচন কৰে।উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বহু কেইজন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে।