গুৱাহাটী, ১২ জুনঃ চাংসাৰী আৰক্ষীয়ে অভিযান চলাই আইটিচিৰ এখন মালভৰ্ত্তি অপহৃত ট্ৰাক উদ্ধাৰ কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰে৷ উল্লেখ্য যে, যোৱা ৯ জানুৱাৰীত চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত আইটিচিৰ এখন মালভৰ্ত্তি ট্ৰাক কোকোৰাঝাৰলৈ গৈ থকা অৱস্থাত অপহৃত হৈছিল৷ আইটিচিৰ এ এছ ০১ চিচি ৮৮৭৬ নম্বৰৰ ট্ৰাক খনে প্ৰায় ২৫ লাখ টকাৰ সামগ্ৰী কঢ়িয়াই নিছিল৷ অপহৃত ট্ৰাকখনৰ সন্দৰ্ভত আইটিচিয়ে চাংসাৰি আৰক্ষী থানা গোচৰ ৰুজু কৰে৷ এজাহাৰৰ ভিত্তিত চাংসাৰি আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ নগাঁৱৰ ভেল্লাৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী দুজনক আটক কৰে৷  আৰক্ষীয়ে ট্ৰাকখনৰ পৰা প্ৰায় ১২০ টা কাৰ্টুন উদ্ধাৰ কৰে৷ আৰক্ষীয়ে আটক কৰা অপহৰণকাৰী দুজনৰ লগতে আন দুজনক সোধ-পোছৰ কাৰণে থানালৈ লৈ আহে৷ আটক কৰা ব্যক্তি দুজন ক্ৰমে জোনাব আলি আৰু খুৰচদ আলি৷