গুৱাহাটী, ১২ জুনঃ ভাৰতীয় ফুটবল আৰু শৰীৰচৰ্চাৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল খেলুৱৈ আৰু শৰীৰ চৰ্চাবিদক টি জি কানেক্টৰৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়৷ চ্চিজেল আৰু বডি বিল্ডিং ইণ্ডিয়া ডটকমৰ পৃষ্ঠপোষকতা আৰু ইণ্ডিগ’ৰ সমৰ্থনপ্ৰাপ্ত এই অনুষ্ঠানটোত বিশ্ব বিজেতা আৰাম্বাম ববী সিংৰ লগতে জনপ্ৰিয় ফুটবল খেলুৱৈ এলেন দেউৰী, দুৰ্গা বড়ো আৰু আই-লীগৰ সকলোতকৈ কম বয়সৰ গ’ল স্ক’ৰাৰ বাওৰিংডাও বড়োক ক্রীড়া আৰু স্বাস্থ্য জগতত আগবঢ়োৱা অৱদানৰ কাৰণে সন্মানিত কৰা হয়। অনুষ্ঠানত মিষ্টাৰ ইন্ডিয়াত দ্বিতীয় ৰানাৰ আপ খঞ্জন প্রতিম তালুকদাৰ,  মিষ্টাৰ অসম চেম্পিয়ন নৱজিত দাস, দুবাৰ জুনিয়ৰ মিষ্টাৰ অসম আৰু জুনিয়ৰ মিষ্টাৰ ইন্ডিয়াত দ্বিতীয় ৰানাৰ আপ চাহিল স্বৰ্গীয়াৰী, তিনিবাৰ মিষ্টাৰ অসম চেম্পিয়ন ডেভিড মমিন, মিষ্টাৰ অসম চেম্পিয়ন ধীৰাজ ৰাজবংশী, এছিয়ান পাৱাৰ লিফ্টাৰ ৰকি শর্মা, ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন প্ৱিলাও বসুমতৰী, বডী-বিল্ডাৰ আৰু ৰোডীজ্ অংশগ্ৰহণকাৰী সমৰ সৰকাৰকো সম্বৰ্ধনা জনোৱা হয়৷ এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত টি জি কানেক্টৰ প্ৰতিষ্ঠাপক তৰুণ গিলে কয় যে এনে বহুতো খেলুৱৈ আছে, যিসকলে ভাৰতৰ বাবে সন্মান কঢ়িয়াই আনিছে। তেওঁলোকে এই কঠোৰ পৰিশ্ৰমৰ বাবে কিছু পৰিমাণে হ’লেও প্ৰশংসা আৰু ৰাইজৰ সমৰ্থন আশা কৰে। টি জি কানেক্টে প্ৰকৃত যোদ্ধা খেলুৱৈসকলৰ বৰঙণিক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখত সন্মান জনোৱাৰ প্ৰচেষ্টা লৈ আহিছে। তৰুণ গিল হৈছে ছ’চিয়েল মিডিয়াৰ সহায়ত সবল আৰু ফলপ্ৰসূ বাৰ্তা বহন কৰা ভাৰতৰ আটাইতকৈ শক্তিশালী ফিটনেচ প্ৰভাৱী ব্যক্তি। তেওঁ এগৰাকী সফল ফিটনেচ ইউটিউব চেনেলৰ স্ৰষ্টা, যাৰ ৩,০০,০০০তকৈও অধিক ছাবছক্ৰাইবাৰ আছে আৰু ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰত টি জি কানেক্টৰ শুভাৰম্ভ কৰিছে। দেশজুৰি টি জি কানেক্টৰ এই সফল যাত্ৰাত ইণ্ডিগ’ই খেলুৱৈসকলৰ বিমানৰ টিকটৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ইভেণ্টত ভাগ লোৱাৰ সুবিধা প্ৰদান কৰি আহিছে। ২০১৬ৰ ডিচেম্বৰত উত্তৰ-পূবৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ ববী সিঙৰ বাৰ্ষিক বিমান ভাড়াৰ ব্যৱস্থা কৰাৰ লগতে তেওঁক স্পনচ’ৰ কৰা দেশৰ প্ৰথমটো কোম্পানী হৈছে ইণ্ডিগ’। চ্চিজেল ফিচনেচ এল এল পিৰ সহ-প্ৰতিষ্ঠাপক সত্য সিনহাই এই সন্দৰ্ভত কয় যে ভাৰতৰ বৈচিত্ৰপূৰ্ণ ফিটনেচ প্ৰতিভাক স্বীকৃতি প্ৰদানৰ অৰ্থে টি জি কানেক্টৰ এই প্ৰচেষ্টাৰ সহযোগী হ’বলৈ পাই চ্চিজেলে গৌৰৱবোধ কৰিছে। শিক্ষা আৰু উৎসাহ নিশ্চিত কৰি এইসকল খেলুৱৈৰ সৈতে একেলগে কাম কৰি ফিটনেচ বিশ্বত দেশক নতুন শিখৰত উপনীত কৰাব খোজো। চ্চিজেল আৰু টি জি কানেক্টে একে লক্ষ্যৰে অধিক উন্নত প্ৰচেষ্টা গ্ৰহণ কৰিব বিচাৰে। ফিটনেচৰ জৰিয়তে ভৱিষ্যতে সকলোকে একেখন মঞ্চলৈ অনাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ চ্চিজেল।