সোণাপুৰ, ১২ জুনঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অধীনস্থ ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত বিকল হৈ থকা বিশুদ্ধ খোৱাপানী আঁচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ১১ বজাত সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াঙ্গনৰ একত্ৰিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতীকি শৱদেহ লগতে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড, খালী বাল্টি, কলহ আদি লৈ চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে নতুন বজাৰ পথেৰে গৈ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া ধ্ৰুৱজোতি হাজৰিকাৰ জৰিয়তে কামৰূপ জিলা উপায়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত সচিৱলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ সন্থাই জনস্বাস্থ্য কাৰিকৰী বিভাগক ডিমৰীয়াত বিকল হৈ থকা বিশুদ্ধ খোৱাপানী আঁচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি সৰ্বসাধাৰণ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ দাবী জনায়৷ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই জানিবলৈ দিয়া মতে, সমগ্ৰ ডিমৰীয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত প্ৰায় দুশৰো অধিক বিশুদ্ধ খোৱাপানী আঁচনি আছে যদিও ইয়াৰে প্ৰায় দহ খন মানহে কাৰ্যক্ষম হৈ আছে৷ অনিয়মীয়া বিদুৎ যোগান, ডিজেলৰ অভাৱ, বিকল হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগানৰ যন্ত্ৰ-পাতি সমূহ পুনঃমেৰামতি নকৰাৰ ফলত কেবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি সমূহ বৰ্তমান সৰ্ম্পূণ ৰূপে বন্ধ হৈ পৰিছে৷ যাৰ ফলত বৰ্তমান অঞ্চলটোৰ সৰ্বসাধাৰণে নদী, নিজৰা, কেঁচা কুৱাৰ পানী খাবলগীয়া হৈছে৷