হাজো, ২৩ এপ্ৰিলঃ তীৰ্থ নগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত পুনৰাই মাছৰ অস্বাভাৱিক মৃত্যু৷ মৃত মাছ চাবলৈ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ পুখুৰীৰ পাৰলৈ ঢপলিয়াই আহে হাজোবাসী ৰাইজ৷ দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ তথা হাজোবাসীয়ে ভগৱান জ্ঞান কৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ পুখুৰীত বৃহৎ বৃহৎ মাছৰ মৃত্যুক কেন্দ্ৰ কৰি হাজোৰ স্থানীয় ৰাইজ আবেগিক হৈ পৰিছে৷ অক্সিজেনৰ অভাৱত মাছৰ এনেদৰে অস্বাভাৱিক মৃত্যু হোৱাৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে, বিষ্ণুপুষ্কৰত মাছৰ মৃত্যু কোনো নতুন কথা নহয়৷ সময়ে সময়ে এই পুখুৰীত অস্বাভাবিক হাৰত মাছৰ মৃত্যু হোৱাৰ দেখিবলৈ পোৱা যায়৷ প্ৰতিবাৰে মাছৰ মৃত্যুৰ পিছত মীন বিভাগৰ লোক আহি বিভিন্ন আশ্বাস দিয়ে যদিও মাছৰ মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা লোৱা দেখা নাযায়৷ গভীৰ নিদ্ৰাত মগ্ন হৈ থকা মীন বিভাগ আৰু জিলা প্ৰশাসনৰ গুৰুত্বহীনতাৰ ফলত বাৰে-বাৰে বিষ্ণুপুষ্কৰ পুখুৰীত এনেদৰে অস্বাভাবিক হাৰত মাছৰ মৃত্যু হৈছে৷ অস্তিত্বৰ সংকটত পৰা হাজোৰ ঐতিহাসিক বিষ্ণুপুষ্কৰত থকা মাছ-কাছ সমূহক সময় থাকোতে যদি ৰক্ষা কৰা নাযায় তেন্তে অদূৰ ভৱিষ্যতত এই মাছ-কাছ সমূহ দেখিবলৈ পোৱা নাযাব বুলি স্থানীয় লোকে উদ্বেগ প্ৰকাশ কৰিছে৷ ঐতিহাসিক হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণুপুষ্কৰ পুখুৰীত বিভিন্ন সময়ত এনেদৰে মাছ-কাছৰ অস্বাভাৱিক মৃত্যুৰ পিছত প্ৰশাসনে পানীত অক্সিজেনৰ ব্যৱস্থা কৰিলেও হাজোবাসী ৰাইজে ইয়াৰ স্থায়ী সমাধানৰ দাবী কৰিছে৷