লংকা, ২৩ এপ্ৰিলঃ কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত অসমৰ প্ৰতিটো সমষ্টিত একোখনকৈ আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰা হয়৷ এই আঁচনিৰ অধীনত হোজাই জিলাৰ লংকা উদালী ফুলতলীতো এখন মডেল হাস্পাতাল নিৰ্মাণ কৰা হয় যদিও প্ৰায় দুবছৰৰ পিছতো চিকিৎসালয়খনত আৰম্ভ নহ’ল চিকিৎসা সেৱা৷ বৃহত্তৰ উদালী, তিনিআলি, নখুটিৰ লগতে ময়না পথাৰৰ কাকী অঞ্চলজুৰি সামৰা চিকিৎসালয়খনৰ চিকিৎসা সেৱা আৰম্ভণি নোহোৱাৰ বাবে যথেষ্ট কষ্টত ভূগিব লগা হৈছে স্থানীয় ৰাইজ৷ গোটেই সমষ্টিটোত এখনো উন্নত চিকিৎসালয় নথকাত স্থানীয় ৰাইজে চিকিৎয়াৰ কাৰণে প্ৰায় ২০-২৫ কিল’মিটাৰ আঁতৰত থকা হোজাই জিলাৰ ব্যক্তিগত চিকিৎসালয়লৈ যাব লগা হয়৷ স্থানীয় ৰাইজৰ লগতে বহু সংগঠনে হোজাই জিলাৰ উপায়ুক্তক চিকিৎসালয়খনৰ সেৱা আৰম্ভ কৰিবলৈ আবেদন কৰিছিল যদিও আজি চিকিৎসালয়খনৰ কাম-কাজ আজি পৰ্যন্ত আৰম্ভ নহ’ল৷ অলপতে ৰাইজৰ দাবীত চিকিৎসালয়খনত নাৰ্চ নিযুক্তি দিয়া হৈছিল৷ কিন্তু চিকিৎসালয়ত কাম-কাজ আৰম্ভণি নোহোৱাৰ  তেওঁলোকে ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াইছে৷ পৰিৱৰ্তন দাবীৰে ৰাজ্যৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে অঞ্চলকেইটাৰ বৃহত্তৰ জনতাৰ স্বাৰ্থত চিকিৎসালয়খনত চিকিৎসা সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে দেখা যাব৷