গুৱাহাটী, ২২ এপ্ৰিল : দলৰ সাংগঠনিক নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ইতিমধ্যে নির্বাচনী সূচী ঘোষণা কৰিছে আৰু এই অনুসৰি অহা ১৫ মে’ত সদস্য ভৰ্ত্তি প্ৰক্ৰিয়াৰ সামৰণি পৰিব। কিদৰে সদস্যভৰ্ত্তি প্রক্রিয়া ব্যাপক হাৰত সম্পন্ন কৰিব পৰা যায়তথা দলৰ সাংগঠনিক নির্বাচন সফল কৰি তুলিব পৰা যায় এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিবৰ বাবে অহা ২৯ এপ্রিলত দিনৰ ১১ বজাত গুৱাহাটীৰ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদত অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এখন বিশেষ সভাৰ আয়োজন কৰিছে। এই সভাতে প্রদেশ কংগ্ৰেছৰ নৱনিযুক্ত বিষয়ববীয়াসকলৰ লগতে নৱনিযুক্ত জিলা সভাপতিসকলে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্রহণ কৰিব। এই গুৰুত্বপূর্ণ সভাখনত প্রদেশ কংগ্ৰেছৰ সমূহ নৱনিযুক্ত বিষয়ববীয়া, কাৰ্যবাহী সদস্য আৰু নৱনিযুক্তসকলকে ধৰি সমূহ জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কংগ্ৰেছ দলৰ সাংসদ, বিধায়ক, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, সমূহ ভগ্নী সংগঠনৰ মূৰব্বী, বিভাগ আৰু কোষৰ মূৰব্বী তথা ব্লক কংগ্ৰেছৰ সভাপতিসকলক উপস্থিত থাকিবলৈ আহবান জনাইছে প্রদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।