বকো, সংবাদ ৩৬৫, ৭ এপ্ৰিল : অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া প্ৰথম চৰনত লোকসভা নিৰ্বাচনৰ বাবে চুবুৰীয়া মেঘালয় ৰাজ্যৰ তুৰা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ ক্ষিপ্ৰ হৈ উঠিছে। মূলতঃ কংগ্ৰেছ আৰু এন পি পি দলৰ মাজত হবলগীয়া এই নিৰ্বাচনী যুঁজত দুয়ো দলে তুমুল প্ৰচাৰত অৱতীৰ্ণ হৈছে।

দেওবাৰে অসম মেঘালয় সীমান্তৱৰ্ত্তী মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ আডকগ্ৰী গাওঁত কংগ্ৰেছ দলৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে কংগ্ৰেছ দলৰ তুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা মেঘালয় ৰাজ্যৰ পূৰ্বৰ মূখ্যমন্ত্ৰী মুকুল চাংমা, মেঘালয় ৰাজ্যৰ কংগ্ৰেছ দলৰ সভাপতি সেলেষ্টাইন লিংদোহ, খাৰখুতা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক চেৰাক ম’মিন।

তুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা মেঘালয় ৰাজ্যৰ পূৰ্বৰ মূখ্যমন্ত্ৰী মুকুল চাংমাই তেওঁৰ ভাষণত কয় যে এন পি পি দলৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় পূৰ্ণ এ চাংমাৰ দিনৰেপৰা প্ৰথম নিৰ্বাচনী প্ৰচাৰ সদায় আদকগ্ৰী গাৱঁৰ পৰা আৰম্ভ কৰে আৰু এতিয়া তেওঁৰ পিছে পিছে তেওঁৰ পৰিয়ালেও আৰম্ভ কৰিছে। কিন্তু তেওঁলোকে কেৱল নিৰ্বাচনী প্ৰচাৰে চলাই আজিলৈকে কোনো উন্নয়ন কৰা নাই।

স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে যে যিহেতু যোৱা ৪৫ বছৰ ধৰি আদকগ্ৰী গাৱঁৰ এন পি পি দলে একো উন্নয়ন মূলক কাম কৰা নাই গতিকে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন কৰিব।