নগাঁও, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰী কোনো দল শক্তিশালী হোৱাটো এ আই ইউ ডিএফে কেতিয়াও নিবিচাৰে। কাৰণ এই শক্তি সদায় অসম বিৰোধী। সেয়ে সমাগত লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাভূত কৰি কেব’ বিৰোধী শক্তিক নিৰ্বাচিত কৰিবৰ বাবে ৰাইজে বিবেক ভোট প্ৰদান কৰিব লাগে। – এই মন্তব্য এ আই ইউ ডি এফৰ ৰাজ্যিক মুখপত্ৰ তথা দলটোৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাৰ।

শনিবাৰে নগাঁও পেন্সনাৰ ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰি চম্পক কলিতাই লগতে কয়, আমি কেব’ বিৰোধী স্থিতিক শক্তিশালী কৰাৰ স্বাৰ্থত এক পক্ষীয়ভাবে ত্যাগ স্বীকাৰ কৰি আমি তিনিটা সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ সংসদীয় সমষ্টিত প্ৰাৰ্থী দিছোঁ।

আনহাতে,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক কঠোৰ সমালোচনা কৰি কলিতাই কয়, যোৱা ১৬ মাৰ্চত লখিমপুৰত অনুষ্ঠিত এক দলীয় সভাত অমিত শ্বাহে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে কেব’ গৃহীত কৰিব‌ই বুলি মন্তব্য কৰিছিল। সেয়ে আমি অমিত শ্বাহক কেব সমৰ্থনকাৰী প্ৰতিক হিচাপে চিহ্নিত কৰিছোঁ। অসমৰ ভাষা, সংস্কৃতি আৰু জনগোষ্ঠীয় পৰম্পৰা অক্ষুন্ন ৰখাৰ স্বাৰ্থত আমি কেব বিৰোধী শক্তিক সমৰ্থন জনাবলৈ ৰাইজক আহ্বান জনাইছোঁ। অসমৰ সকলো জাতি -জনগোষ্ঠীৰ স্বাৰ্থক সুৰক্ষিত কৰাৰ স্বাৰ্থক ক্ষতি আমি এক পক্ষীয় ভাবে ৰাজ্যৰ ১১ টা সংসদীয় সমষ্টিত প্ৰাৰ্থী দিয়া নাই।

সাংবাদিকে এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ মিত্ৰতা হৈছে।নেকি বুলি বাৰে বাৰে সোধা এক প্ৰশ্নৰ উত্তৰত চম্পক কলিতাই কয়, আমাৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে। দলে কেব বিৰোধী শক্তিশালীক আমি সমৰ্থন জনাও। তেওঁ লগতে কয়, আমাৰ যদি কাৰোবাৰ লগত বুজাবুজি হৈছে, তেতিয়া অসমৰ ৰাইজৰ লগতহে হৈছে। কেব সমৰ্থনকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক ৰাজহুৱা সভাত চৰণ চুই সেৱা কৰা প্ৰাৰ্থী আৰু বিজেপিৰ বোকোচাত উঠি নিৰ্বাচন খেলা কোনো প্ৰাৰ্থীক আমি সহ্য নকৰোঁ।

“হু ইজ বদৰুদ্দিন’ বুলি কোৱা তৰুণ গগৈৰ পুত্ৰক জয়ী কৰোৱাৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতা কৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয়, এই কথা তৰুণ গগৈয়েই পাহৰিলে আৰু আমাৰ দলৰ সভাপতিয়েও পাহৰিলে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এনেদৰে কলিতাই কয়।

এইবাৰ নগাঁও সংসদীয় সমষ্টি আৰু অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ আহ্বান জনায়। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে উঠা কেতবোৰ অভিযোগ সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰি কলিতাই কয়, এটা দুষ্ট চক্ৰই চ’চিয়েল মিডিয়াত বিধায়ক গৰাকী এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ এগৰাকী নেতাৰ সৈতে থকা এক পুৰণা ফটো আৰু বৰ্তমান সেই যুৱ নেতা গৰাকী কলিয়াবৰৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ লগত থকা আন এটা ফটো সংলগ্ন কৰি অপপ্ৰচাৰ চলাইছে। কলিতাই সেই নেতা গৰাকীৰ বিৰুদ্ধে অচিৰেই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কলিতাই সংবাদমেলযোগে জানিবলৈ দিয়ে।

এই সংবাদ মেলখনত দলটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আজিজুল হক মৰল, মহিলা চৰ্চাৰ জিলা সভানেত্ৰী মিৰা বড়ো, জিলা যুৱ মৰ্চাৰ সভাপতি শ্বৰিফ আলী আদিকে ধৰি কেবা গৰাকী নেতা উপস্থিত থাকে।