গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিল : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা টকা লোৱাৰ অভিযোগ অস্বীকাৰ কৃষক নেতা অখিল গগৈৰ। দেওবাৰে নিজ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি হিৰণ্য পাঠৰিক অখিল গগৈয়ে অভিযোগ প্ৰমান কৰিবলৈ আহ্বান জনায়।

আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা জনক অখিল গগৈয়ে ভালদৰে নাজানে বুলি কয়। যোৱা ১০ মাৰ্চ তাৰিখে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ বৈঠকত ছাত্ৰ নেতা পাঠৰিক বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলিও গগৈয়ে জানিবলৈ দিয়ে।

সংবাদমেলত গগৈয়ে বিজেপি আৰু এ আই ইউ ডি এফক পুনৰ ভোট নিদিবলৈ আহ্বান জনায় কয় যে শনিবাৰে আমাৰ এজন ছাত্ৰ কৰ্মীয়ে বিজেপিত যোগ দিছে, এই সন্দৰ্ভত মোৰ ক’বলগা নাই, সেই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক’‍ব। তেওঁ মোৰ বিৰুদ্ধে কেইটামান বিশেষ অভিযোগ আনিছে, অভিযোগ সন্দৰ্ভত নক’লে ৰাইজৰ মাজত বিভ্ৰান্তি থাকি যাব,বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলকে ভোট নিদিবলৈ আহ্বান জনাইছোঁ, এনে ক্ষেত্ৰত মিত্ৰতাৰ হৈ মধ্যস্থতা কৰাৰ প্ৰশ্নই থাকিব নোৱাৰে।

আনহাতে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা টকাৰ লোৱাৰ অভিযোগ প্ৰত্যাখ্যান কৰি আৰু টকা লোৱাৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাই কয় যে কংগ্ৰেছৰ পৰা ৩ কোটি আৰু এ আই ইউ ডি এফৰ পৰা ১ কোটি টকা লোৱাৰ অভিযোগ কৰিছে, ৩ বা ১ কোটি বাদেই, ৩ টকাও লোৱা বুলি প্ৰমাণ দিয়ক । কোনোবাই প্ৰমাণ দিব পাৰিলে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি লম। ৰাজনৈতিক-সামাজিক কাম-কাজৰ পৰাও অব্যাহতি ল’বলৈ সাজু আছোঁ।

ইপিনে, ২০১৬ চনতো অখিল গগৈৰ সম্পত্তিৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল মুখ্য মন্ত্ৰী সোণোৱালে। এই কথা উল্লেখ কৰি গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে সোণোৱাল মুখ্যমন্ত্ৰী হৈয়েই মোৰ সম্পত্তি মোৰ সম্পত্তিৰ অনুসন্ধানত তদন্ত দিছিল ।কিন্তু এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই। গোটেই পৃথিৱীত নামে বেনামে যিমান সম্পত্তি আছে সেয়া ৰাজহুৱা কৰক। এয়া মুখ্য মন্ত্ৰীৰ প্ৰতি মোৰ প্ৰত্যাহ্বান।

আমি এতিয়াও কেৱ সমৰ্থন কৰা বিজেপি দলক ভোট নিদিবলৈ আহ্বান জনাইছোঁ, বিজেপি ক্ষমতালৈ আহিলে সংবিধানকে ওলট-পালট কৰি পেলাব, বিজেপিৰ বিৰুদ্ধে লাগি থকাৰ বাবেই কেতবোৰ অভিযোগ আনিছে। ছচিয়েল মিডিয়াত মোৰ এখন সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছে, বিজেপি আৰু আৰ এছ এছৰ হাতত এয়া সুৱৰ্ণ সুযোগ, তেওঁলোকে কংগ্ৰেছ, এ আই ইউ ডি এফৰ পৰা টকা লোৱাটো প্ৰমাণ কৰক।

আনহাতে,বিজেপিক পুঁজিপুতিৰ দালাল বুলি অভিহিত কৰি বিজেপি দলক পুনৰবাৰ ভোট নিদিবলৈ আহ্বান জনাই অখিল গগৈয়ে কয় যে বিজেপি আৰু আৰ এছ এছক সমাজৰ পৰা উৎখাত কৰিব নোৱাৰা পৰ্যন্ত অবিৰত সংগ্ৰাম চলি থাকিব।