কলগাছিয়া ১৫ ছেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰত দুপৰীয়া চলন্ত বাইকত অগ্নিকাণ্ড সংঘটিত হৈ এএছ ১৫এল ০৩৭৪নম্বৰৰ বাইক সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে দুজনকৈ বাইক আৰোহীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। প্ৰাপ্ত তথ্য মতে, বালিকুৰিৰ ছেবাত আলী নামৰ বাইক আৰোহীয়ে তেওঁৰ সহযোগীৰ সৈতে কলগাছিয়াৰ পৰা ড্ৰাম ভৰ্ত্তি পেট্ৰল লৈ বালিকুৰি অভিমুখে যোৱাৰ সময়ত বালাপাথাৰৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ওচৰ পোৱাৰ লগে লগে আকষ্মিকভাৱে বাইকখনত জুই লাগে৷ বাইকখনত জুই লগাৰ লগে লগে আৰোহী ছেবাত আলী আৰু সহযোগীজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই অগ্নিকাণ্ডত বাইকখনৰ লগতে বালাপাথাৰৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটো জ্বলি ভষ্মীভূত হয়।  জুই লগাৰ অলপ সময় পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও ট্ৰেন্সফৰ্মাৰৰ পৰাই জুই আহি অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। আনহাতে কলগাছিয়াস্থিত তেল ডিপোৰ পৰা নীতি বহিঃভূতভাৱে ড্ৰামত তেল বিক্ৰী কৰাৰ বাবে অনাৰ কাৰণেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰিছে।