মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৮ মাৰ্চ: গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ মাজতে বিগত কিছু দিনত অসম আৰক্ষীয়ে অভিযান চলাই বহু লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়াকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰেও মহানগৰীৰ আজাৰা আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আজাৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী তিনিজন ক্ৰমে কেন্দুকুছিৰ দীপাংকৰ শৰ্মা, জালুকবাৰীৰ আনোৱাৰ হুছেইন আৰু গাড়ীগাঁৱৰ ৰিজু আলী। আৰক্ষীয়ে অভিযানত তিনিওজনৰ পৰা কিছূ পৰিমাণ ড্ৰাগছ আৰু ড্ৰাগছ ভৰোৱাৰ বাবে ব্যৱহাৰ কৰা পালষ্টিকৰ খালি বটল উদ্ধাৰ কৰে। আজাৰা আৰক্ষীয়ে মঙলবাৰে এক গোপন সুত্ৰৰ পৰা লাভ কৰা খৱৰৰ ভিত্তিত বিভিন্ন অঞ্চলত অভিযান চলাই ড্ৰাগছসহ তিনিওজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আজাৰা অঞ্চলত কেবাখনো মহাবিদ্যালয় আৰু কাৰিকৰী উচ্চ শিক্ষানুস্থান আছে আৰু এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰিয়ে ড্ৰাগছ ব্যৱসায়ীয়ে অঞ্চলটোত ঘাটি স্থাপন কৰিব বিছাৰিছিল। অধিক তথ্যৰ বাবে আজাৰা আৰক্ষী চকীত ড্ৰাগছ ব্যৱসায়ী কেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাৰ পিছত আজাৰা অঞ্চলত আৰু বহুটো ড্ৰাগছ ব্যৱসায়ী ধৰা পৰাৰ সম্ভাৱনা আছে।