গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: পিজ্জা-বাৰ্গাৰ, ছেণ্ডুইছেৰে ভৰা মহানগৰীত এতিয়া উপলব্ধ অসমীয়া থলুৱা জুতিলগা জা-জলপান৷  গুৱাহাটী মহানগৰত এতিয়া থলুৱা জলপান৷ দেওবাৰে পুৱা আলসুৱা ভাৱে আইতাই আগবঢাই দিয়া জলপান বিচাৰি এতিয়া গাঁৱলৈ যাব নালাগে৷ নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, ফেণীপিঠা, আখৈ, চিৰা, দৈ, সান্দহ, হুৰুম, পায়স, কোমল চাউল আদিৰে এতিয়া জলপান কৰিব পাৰিব৷ বিশ্ৱজনীন ব্যৱসায়িক মাত্ৰা দি নতুন খাদ্য-সম্ভাৰেৰে উপলব্ধ ‘উৰুকা’৷ মঙলবাৰে থলুৱা খাদ্যৰ বিপণীখনত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই৷ বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে অসমৰ জাতীয় খাদ্যসম্ভাৰক জনমুখী কৰাৰ বাবে ‘উৰুকা’ৰ স্বত্বাধিকাৰী মহম্মদ ফৰিদ আৰু ফাৰহানা চালেহৰ প্ৰচেষ্টাৰ শলাগ লয়৷ সময়ৰ ধামখুমিয়াত আমাৰ নগৰীয়া জনজীৱনৰ হেৰাই যাব খোজা জা-জলপানৰ জুতি ল’ব পৰা একমাত্ৰ ৰেষ্টুৰেণ্ট হ’ব ‘উৰুকা’ ৰাইজৰ সঁহাৰি পালে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা অব্যাহত ৰাখিব ‘উৰুকা’ই৷