নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন প্ৰক্ৰিয়া । ১২খন ৰাজ্যৰ মুঠ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

অসমৰো ৫ সমষ্টি ক্ৰমে নগাঁও,মঙলদৈ,কৰিমগঞ্জ,শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

ইফালে প্ৰথম পৰ্যায়ৰ ভোট গ্রহণত বিকল হোৱাৰ দৰেই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো বিকল হ’ল ই ভি এম মেচিন।

হোজাই জিলাৰ কাকী, শংকৰদেৱ নগৰ, নিজৰাপাৰৰ ২১০নং, যমুনামুখৰ ১০৬নং ভোটকেন্দ্ৰ, শংকৰ বস্তি এল পি স্কুলৰ ২০৮ নং ভোটকেন্দ্ৰ টংলাৰ চাটগাড়ী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত বিকল ই ভি এম মেচিন।

একেদৰে মৰিগাঁও বিধান সভা সমষ্টিতো বিকল ই ভি এম মেচিন।
কৰিমগঞ্জৰ এম এম এম চি বালিকা বিদ্যালয়,নগাঁৱৰ বঢ়মপুৰৰ ন আলি মূৰ, ২০৫নং পুৰণিগুদাম জে বি স্কুল ,২০৬নং জে বি স্কুল উত্তৰৰ লগতে হাফলঙৰ হাগজেৰ নগৰ এল পি স্কুলতো বিকল,বাক্সাৰ মহৰিপাৰাৰ বাপুজী এম ই স্কুলতো বিকল,গোৰেশ্বৰৰ ৰামপুৰ এল পি স্কুলত ই ভি এম বিসংগতি, ৰঙিয়াৰ কনিহা এম ভি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ,কমলপুৰৰ মদাৰতলা ভোট গ্ৰহণ কেন্দ্ৰত বিকল ই ভি এম মেচিন।