মানকাচাৰ, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : মানকাচাৰৰ নিৰ্বাচনী সভাত আজমলৰ সাম্প্ৰদায়িক মন্তব্যই গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত মৌলানা বদৰুদ্দিন আজমলে নিজৰ প্ৰচাৰ চলাবলৈ মানকাচাৰত অনুষ্ঠিত কৰে এক নিৰ্বাচনী সভা। মানকাচাৰত ক্ৰমাৎ জনসমৰ্থন কমি অহা আজমল হেলিকপ্টাৰ আনি ৰাইজক চমক দিব বিচাৰে যদিও ৰাইজৰ সঁহাৰি নগণ্য দেখা গল। মানকাচাৰৰ নিৰ্বাচনী সভাত ৰাইজৰ সঁহাৰি কম দেখি আজমলে এটাৰ পাছত আন এটা সাম্প্ৰদায়িক মন্তব্য কৰা পৰিলক্ষিত হয়।

মানকাচৰ এ আই ইউ ডি এফৰ সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত এই নিৰ্বাচনী সভাত দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অমিনুল ইছলাম, আদিত্য লাংথাছা উপস্থিত থাকে। এই সভাখনত তেওঁ বিশেষককৈ জাবেদ ইছলামক আক্ৰমণ কৰা দেখা গল। জাবেদ ইছলামক ভোট দিলে এদিন আপুনিও গাহৰিৰ মাংস খাব লাগিব বুলি সাম্প্ৰদায়িক মন্তব্য কৰে।

আনহাতে জাবেদ ইছলাম মুছলমানৰ এক নম্বৰ শত্ৰু বুলি আজমলে মন্তব্য কৰি কয় যে শত্ৰু নহলে জাবেদ ইছলাম বিজেপিৰ টিকট নলৈ প্ৰতিদ্বন্দিতা কৰিব লাগিছিল।

আজমলৰ এনে মন্তব্যই ৰাজ্যৰ ৰাজনীতি গৰম কৰি তোলা পৰিলক্ষিত হৈছে। এতিয়া জাবেদ ইছলামে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হব।