ছয়গাঁও 

২০ ছেপ্টেম্বৰ

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দেওবাৰে ছয়গাঁও সমষ্টিৰ গুমিৰ আমবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া স্থান পৰিদৰ্শন কৰে। বৰ্তমানে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বান নিয়ন্ত্ৰণ বিভাগে অস্থায়ীভাৱে কাম কৰি আছে যদিও অহা নবেম্বৰ মাহৰ পৰা আমবাৰীৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলত ৪ কৌটি টকা ব্যয়েৰে স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হ’ব বুলি বিধায়ক ৰেকিবুদ্দিন আহমেদে জানিবলৈ দিয়ে।

ছয়গাঁও সমষ্টিৰ অন্তৰ্গত আমবাৰী আৰু পানীখাইতি গাঁও দুখন গৰাখহনীয়া ফলত নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব বুলি এচাম দুষ্টচক্ৰই অপপ্ৰচাৰ চলোৱা বুকি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰেকিবুদ্দিন আহমেদে কয় যে যিকোনো মূল্যৰ বিনিময়ত তেওঁ ৰাইজক বিপদত পৰিবলৈ নিদিয়ে। আনহাতে গুমী বাংকাকাটাৰ এচাম ইটাভাটাৰ মালিকে অমবাৰীৰ খহনীয়া হোৱা স্থানৰ পৰা খৰালি কালত অবৈধভাৱে মাটি কাটি নিয়াৰ ফলতে সেই স্থানত খহনীয়া হোৱাৰ অন্যতম কাৰণ বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। আনহাতে জলসম্পদ বিভাগৰ গুমীত থকা পৰিদৰ্শন বঙলাটো ব্যৱহাৰৰ উপযোগী কৰি গঢ়ি তুলিবলৈ খহনীয়াস্থলীত উপস্থিত থকা জল সম্পদ বিভাগৰ বিষয়া সকলক বিধায়ক ৰেকিবুদ্দিন আহমেদে নিৰ্দেশ দিয়ে। খহনীয়াস্থলীত জল সম্পদ বিভাগৰ পলাশবাৰী গুমী প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব বৰা, এছ ডি অ’ ছাহিদ জামানৰ লগত কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ আমবাৰীত গৰাখহনীয়াৰ ফলত যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে পলাশবাৰী-গুমী মথাউৰি। যোৱা প্ৰায় এমাহ পূৰ্বৰ পৰাই আমবাৰীত খহনীয়া অব্যাহত আছে যদিও যোৱা এসপ্তাহৰ পৰা খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰাত সম্প্ৰতি পলাশবাৰী-গুমীৰ মথাউৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

বিভাগীয় কৰ্তৃপক্ষই বৰ্তমান শ্ৰমিক নিয়োগ কৰি গছৰ ডাল তথা বাঁহৰ পাৰ্কুপাইনৰ লগতে কিছুসংখ্যক জিঅ’ বেগ নদীত পেলাই মহাবাহুৰ খহনীয়া ৰোধ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ছয়গাঁৱৰ আমবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া অব্যাহত থকাৰ ফলত পলাশবাৰী, ছয়গাঁও, বকো সমষ্টিৰ এক বিস্তৃত এলেকালৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। অঞ্চল কেইটাৰ নৈপৰিয়া ৰাইজ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ভয়াবহ ৰূপ দেখি শংকিত হৈ পৰিছে।