হাস্না‌ বেগম

গুৱাহাটী 

৯ মাৰ্চ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিলে মাজুলীত। টিকট বঞ্চিত অগপ নেতা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰিলে মনোনয়ন পত্ৰ। চামগুৰিত ৰকিবুল হুছেইন, মৰিয়ানিত ৰূপজ্যোতি কুর্মী, ৰূপহীহাটত নুৰুল হুদা, বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাই দাখিল কৰিলে মনোনয়ন পত্ৰ।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনা ৰাজ্যৰ কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি মাজুলী সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী গৰকীয়ে পুৱাৰ ভাগত মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই যোৱা সময়ত মুখ্যমন্ত্ৰী গৰাকীক ল’গ দিয়ে হাজাৰ হাজাৰ দলীয় কর্মী আৰু সমৰ্থক সকলে। মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ লগত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত লগতে প্ৰমোদ বড়ো। ইফাকে অগপ দলৰ পৰা টিকট বাঞ্চিৰ অগপ নেতা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। অগপ দলৰ হৈ তেজপুৰ সমষ্টিৰ পৰা পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বৃন্দাবন গোস্বামীক টিকটৰ পৰা বঞ্চিত কৰি অগপই পৃথিৰাজ ৰাভাক তেজপুৰ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। শাসকীয় দলৰ কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীৰ লগতে বিৰোধী দল কংগ্ৰেছৰো কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰে। নগাঁও জিলাৰ চামগুৰিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুক হুছেইনে বহু দলীয় কর্মী আৰু সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰিবৰ্তে কংগ্ৰেছ দলৰ বৰ্তমানৰ মৰিয়ানি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়ানি সমষ্টিৰ পৰা দাখিল কৰে মনোনয়ন পত্ৰ। ৮৫ নং ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰক ল’গ দিয়ে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈয়ে।

ইফালে ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাই মনোনয়ন পত্ৰ দাখিল কৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত। হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীৰ লগত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰা পদযাত্ৰা কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাই। উল্লেখ্য যে ত্ৰিছ বছৰৰ পিছত কংগ্ৰেছ দলৰ নতুন মুখ হিচাপে বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলে অঞ্জন বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।