আজিজুল হক

বৰপেটা

৫ মাৰ্চ

সূদীৰ্ঘকাল এগৰাকী দ্বায়িত্বশীল, নিষ্ঠাৱান সাংবাদিক হিচাপে সমাজত পৰিচিত বৰপেটা জিলাৰ ভেল্লাৰ জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমান “আমাৰ অসম” কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ আলিয়াছ আহমেদলৈ “দায়বদ্ধ সাংবাদিকতা বঁটা”। ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েশ্যন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে আলিয়াছ আহমেদলৈ এই বঁটা আগবঢ়োৱাৰ খবৰে বৰপেটাবাসীক উৎফুল্লিত কৰি তুলিছে। ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েশ্যনৰ জিলা সমিতিৰ সভাপতি আব্দুল জলিল, কাৰ্যকৰী সভাপতি আজিজুল হক, উপ-সভাপতি প্ৰদীপ কুমাৰ সৰকাৰ, সাধাৰণ সম্পাদক মনজিৎ দাস আৰু সম্পাদক সেখ ৰহমত উল্লাহই আনুষ্ঠানিকভাৱে এক পত্ৰযোগে আলিয়াছ আহমেদলৈ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ দিয়ে।

আলিয়াছ আহমেদ ১৯৯০ চনত আজিৰ বাতৰি, দৈনিক অসম কাকতত মুক্ত সাংবাদিক হিচাপে সাংবাদিকতা আৰম্ভ কৰি পৰবৰ্তী সময়ত ভেল্লাৰ পৰা দৈনিক অগ্ৰদূত, পষেকীয়া অধিকাৰ সেউজ সংবাদ আদিত সক্ৰিয় সাংবাদিক হিচাপে কৰ্মৰত হৈ সমাজৰ প্ৰকৃত ছবি প্ৰতিফলিত কৰাত দায়িত্ব পালন কৰে।আলিয়াছ আহমেদ ১৯৯৭ চনত ‘আমাৰ অসম’ কাকতত সাংবাদিকতা আৰম্ভ কৰি এবছৰ পিছত বৰপেটা জিলাৰ বিশেষ প্ৰতিনিধি আৰু পৰবৰ্তী সময়ত নামনি অসম প্ৰতিনিধি হিচাপে সংবাদ সেৱা আগবঢ়ালৈ ধৰে। ২০০৩ চনত দৈনিক বাতৰিত গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়ত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ, ২০০৬ চনত আজি কাকতত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ হিচাপে সংবাদ সেৱা আগবঢ়োৱাৰ পিছত পুনৰ ২০০৭ চনত আমাৰ অসম কাকতত জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগদান কৰে। তেতিয়াৰে পৰাই বৰ্তমানলৈকে আমাৰ অসম কাকতত দায়িত্ব সহকাৰে সংবাদ সেৱা আগবঢ়াই এগৰাকী অক্লান্ত সংবাদ প্ৰহৰীৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আলিয়াছ আহমেদ। সাংবাদিক আলিয়াছ আহমেদে “আকামুপ”, সমন্বয় আদি নামৰ প্ৰতিষ্ঠানিক আলোচনীৰ সম্পাদক আছিল। তেওঁ লেখা প্ৰায় ৫০ টাৰো অধিক কবিতাৰ লগতে বহু নিবন্ধ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। আলিয়াছ আহমেদে ২০১৮ চনত গণ অধিকাৰ কাকতৰ ৰূপালী জয়ন্তীত প্ৰতিষ্ঠানে “শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা “ৰে সন্মানিত কৰাৰ লগতে ঐক্য সেনা অসমেও আলিয়াছ আহমেদক “যুৱ সাংবাদিকতা বঁটা” প্ৰদান কৰিছিল। ইয়াৰোপৰি সমাজৰ বিভিন্ন দিশৰ বা বাতৰি পৰিবেশন কৰি সামাজিক দায়িত্ব পালন কৰা বাবে আলিয়াছ আহমেদক বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আলিয়াছ আহমেদক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা বাবে সাংবাদিক গৰাকীৰ জন্মগাঁও ভেল্লাতো এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

ইপিনে “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কুন্তল কলিতাক সংবাদ মাধ্যমত সততাৰে সেৱা আগবঢ়োৱাৰ বাবে “নিষ্ঠাৱান সাংবাদিকতা বঁটা”, চৰ অঞ্চলৰ বিভিন্ন তথ্য চিত্ৰ সহকাৰে যুগুত কৰি ৰখা বাবে বহৰিৰ জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক তথ্য চিত্ৰ সাংবাদিকতা বঁটা আৰু সাহিত্য ক্ষেত্ৰখনত অনবদ্য অৱদানৰ বাবে বৰপেটাৰ লেখক কমললোচন দাসক “সাহিত্য সাধনা বঁটা”ৰ বাবে মনোনীত কৰিছে। এই বটাঁ সমুহ অহা ৭ মাৰ্চত কয়াকুছিত “ইজা”ৰ বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ’ব। বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে।