কুন্দন ভৰালী

নগাঁও

৫ মাৰ্চ

ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ ব্যস্ততাৰ অন্ত নাই। এফালে ৰাজনৈতিক দল সমূহৰ কর্মী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিয়ান আনফালে আকৌ দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। শাসকীয় বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ টিকট প্ৰদানকলৈ ক্ষোভিত হৈ পৰিছে তৃণমূল কর্মী সকল।

বৰ্তমানলৈকে কোনো এটা ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই যদিও প্ৰাৰ্থী প্ৰদানক কেন্দ্ৰ কৰি ওলাই অহা খবৰত অসন্তুতি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে সমষ্টিয়ে সমষ্টিয়ে তৃণমূল কর্মী সকলে। আসন বুজাবুজিকলৈ প্ৰতিটো সমষ্টিতে তৃণমূল কৰ্মী সকলৰ মাজত বিক্ষোভ। আসন বুজাবুজিকলৈ নগাঁও জিলাৰ ৰূপহীহাত সমষ্টিত গেৰুৱা দলৰ কৰ্মী সকলৰ মাজত ব্যাপক ক্ষোভ। ৰূপহীহাটত বিজেপি দলৰ প্ৰাৰ্থী বিচাৰি বিজেপি কৰ্মীৰ প্ৰতিবাদ। অগপৰ পৰিৱৰ্তে বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছৰ দখলত থকা ৰূপহীহাটৰ সমষ্টিৰ আসনখন অগপক এৰি দিয়াটো প্ৰায় নিশ্চিত হোৱাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিজেপিৰ কৰ্মীসকল। কোনো কাৰণতে ৰূপহীহাটৰ আসনখন অগপক এৰি নিদিয়াৰ হুংকাৰ দিয়ে বিজেপি কৰ্মী সকলে।

ৰূপহীহাটত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজেপি কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। ৰূপহীহাটত সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে বিজেপি কর্মী সকলে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে।