জোনমণি বেগম

বিশ্বনাথ

৬ মার্চ

৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিটো আৰ এছ এছৰ চাপ মৰা সমষ্টি। গতিকে আৰ এছ এছৰ আসনত কেৱল আৰ এছ এছয়ে ভোট দিয়ক বুলি মন্তব্য অগপৰ বিশ্বনাথ সমষ্টিৰ টিকট বঞ্চিত প্ৰাক্তন বিধায়ক প্ৰবীন হাজৰিকাৰ। শনিবাৰে বিশ্বনাথ জিলাৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় সভাত অগপৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই অভিযোগ কৰে যে একমাত্ৰ আৰ এছ এছৰ বাবেই দলীয় প্ৰাৰ্থীত্ব পোৱাৰ পৰা বঞ্চিত হ’ল অগপ।

নতুন দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত হোৱা আলোচনাত বি এল সন্তোষ নামৰ আৰ এছ এছৰ নেতাজনে বিশ্বনাথ সমষ্টিৰ আসনখন আৰ এছ এছৰ আসন বুলি দাবী কৰি এই আসন কোনো কাৰণতে অগপক এৰি দিয়া নহ’ব বুলি কৈ বিশ্বনাথ সমষ্টিৰ আসনখন বিজেপিৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বুলি অভিযোগ উত্থাপন কৰে অগপৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই। অগপৰ প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই কয় যে যদি বিশ্বনাথৰ এই আসনখন আৰ এছ এছৰে আসন হয়, তেনেহলে আৰ এছ এছৰ আসনত কেৱল আৰ এছ এছৰ লোকেই ভোট দিয়ক।প্ৰাক্তন বিধায়ক গৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগে লগে অগপৰ কাৰ্যালয়ৰ চৌদিশে আৰ এছ এছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে। আনহাতে অগপ কৰ্মী সকলে অতুল বৰা মুৰ্দাবাদ ধ্বনিও দিয়া পৰিলক্ষিত হয়। সকলো দলীয় নেতা কৰ্মীয়ে প্ৰাক্তন অগপ বিধায়ক প্ৰবীণ হাজৰিকাক বিশ্বনাথ বিধানসভাৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈও দাবী জনায় আৰু প্ৰাক্তন বিধায়ক গৰাকীও এই দাবীক সন্মান জনাই মাত্ৰ আজিৰ দিনটোৰ সময় বিচাৰিলে এই প্ৰস্তাব চিন্তা কৰাৰ বাবে। সভাত প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ আসনখন অগপৰ হৈ প্ৰবীণ হাজৰিকাক এৰি দিয়াৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গক কৈছিল যদিও আৰ এছ এছৰ নেতা বি এল সন্তোষে বিশ্বনাথৰ আসনখন আৰ এছ এছৰ বুলি দাবী কৰে আৰু বি এল সন্তোষৰ কথা পেলাব নোৱাৰি অৱশেষত বিজেপিৰ প্ৰমোদ বৰঠাকুৰক বিশ্বনাথত টিকট প্ৰদান কৰে।

উল্লেখ্য যে ২০১৬ চনৰ পুৰ্বে বিশ্বনাথ সমষ্টিৰ বিধায়ক হিচাপে অগপৰ বিধায়ক প্ৰবীন হাজৰিকাই মিত্ৰজোঁটৰ খাতিৰত ২০১৬ চনত বিশ্বনাথ বিধানসভা সমষ্টি বিজেপিক এৰি দিছিল। সেই সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ প্ৰবীন হাজৰিকাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ২০২‍১ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথৰ আসনখন পুনৰ অগপক উভতাই দিয়া হ’ব বুলি।কাৰ্যক্ষেত্ৰত সেইয়া নহ’ল, যাৰ বাবে এতিয়া বিশ্বনাথ অগপত মিত্ৰজোঁটৰ বিৰুদ্ধে বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে। ইফালে যদিহে প্ৰবীন হাজৰিকাই নিৰ্দলীয়ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াই তেন্তে বিশ্বনাথৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে।