জিন্টু পাংচু
সোণপুৰ
১৯ অক্টোবৰ

আমৰি কাৰ্বি ছাত্র সন্থাৰ উদ্যোগত সোণাপুৰত উত্তাল প্ৰতিবাদ। বিভিন্ন দাবী লৈ ৰাজপথলৈ ওলাই আহিল আমৰি কাৰ্বি ছাত্র সন্থাৰ শতাধিক সদস্য। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিলে আমৰি কাৰ্বি ছাত্র সন্থাৰ লগতে আমৰি কাৰ্বিৰ ৬ টাকৈ সংগঠনে।

৩৪১ অনুসূচীৰ আধাৰত কাৰ্বি আংলং জিলাৰ বাহিৰত থকা আমৰি কাৰ্বি লোক সকলক পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদান কৰা, আমৰি কাৰ্বি স্বায়ত্ব শাসীত জিলা “আমৰি লংৰি” প্ৰদান কৰা, পুনৰ প্ৰস্থাৱিত ডিমৰীয়াত তিৱা স্বায়ত্ব শসিত পৰিষদৰ নিৰ্বাচন বাতিল কৰা আৰু ডিমৰীয়াৰ তামুলিকুচিত ডাম্পিং গ্ৰাউণ্ড স্থাপন বাতিলৰ দাবিত সোমবাৰে সোণাপুৰৰ ৰাজপথ প্ৰতিবাদি সমদল উলিয়াই আমৰি কাৰ্বি ছাত্র সন্থা আৰু আমৰি কাৰ্বিৰ ৬ টাকৈ সংগঠনে। প্ৰতিবাদকাৰি সকলে ন এছটি (এইছ) ন ৰেষ্ট, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, ডাম্পিং গ্ৰাউণ্ড গ বেক, ডিমৰীয়াত তিৱা নিৰ্বাচন বাতিল কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে সোণাপুৰৰ আকাশ বতাহ।

প্ৰৰিবাদকাৰী সকলে সোণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিও ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে। আমৰি কাৰ্বি ছাত্র সন্থাৰ নেতৃত্বই ৰাজ্য চৰকাৰখনে যদি তেওঁ লোকৰ দাৱী সমূহ মানি নলয় তেন্তে অনাগত দিনত গনতান্ত্রিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।