আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ অক্টোবৰ

শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ৷। টাই আহোমক ভৈয়াম জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ। পৰম্পৰাগত সাজপাৰ পিন্ধি হাতত হেংদান লৈ প্ৰতিবাদত নামিল শতাধিক টাইপা কৰ্মী।

টাই আহোম সকলক ভৈয়াম জনজাতিকৰণৰ মৰ্যাদাৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সোমবাৰে শিৱসাগৰত টাই আহোম যুৱ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টাইপাৰ শতাধিক কৰ্মীয়ে পৰম্পৰাগত সাজপাৰ পিন্ধি হাতত হেংদান লৈ প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিজেপি দলে জনজাতিকৰণৰ ক্ষেত্ৰত টাই আহোমক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে টাইপাই। দুটাকৈ লোকসভা নিৰ্বাচনত টাই আহোমক জনজাতিকৰণৰ আশ্বাস দি বিজেপিয়ে প্ৰতাৰণা কৰিছে বুলিও টাই আহোম যুৱ পৰিষদে অভিযোগ কৰে৷ আগন্তক ২৬ জানুৱাৰীৰ ভিতৰত টাই আহোম সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপি চৰকাৰ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি প্ৰতিবাদস্থলীৰ পৰাই হুংকাৰ দিয়ে টাইপাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালক মিথ্যাচাৰী আখ্যা দি টাইপাই আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰো হুংকাৰ দিয়ে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ বৃহৎ অৱস্থানৰ জৰিয়তে বিজেপিক কঠোৰ সকীয়নি প্ৰদান কৰে টাইপাই। জনজাতিকৰণৰ বাবে চৰকাৰক ২৬ জানুৱাৰী পৰ্যন্ত চৰম সীমা বান্ধি দি বিজেপি বিৰোধী ধ্বনীৰে পৰিৱেশ উত্তাল কৰি তোলে টাইপাৰ কর্মী সকলে।