কুন্দন ভৰালী

নগাঁও

১৯ অক্টোবৰ

নগাঁও এ পি ডি চি এল কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। বিদ্যুৎ বিভাগক চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত নগাঁও বিদ্যুৎ বিভাগৰ মূখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এ পি ডি চি এল’ৰ কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

নগাঁও বিদ্যুৎ বিভাগৰ শতাধিক কৰ্মচাৰীয়ে এ পি ডি চি এল’ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি সোমবাৰে পুৱাৰ ভাগত নগাঁও বিদ্যুৎ বিভাগৰ মূখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। কৃষক,জনতাৰ বিদ্যুৎ অধীকাৰ ৰক্ষা কৰক, বিদ্যুৎ বিভাগ ব্যক্তিগতকৰকণৰ সিদ্ধান্ত বাতিল কৰক, বিদ্যুত সংশোধনী বিল বাতিল কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানে পৰিৱেশ উত্তাল কৰি তোলে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰ চৰকাৰে দেশৰ এটা এটাকৈ খণ্ড ব্যক্তিগতকৰণৰ নামত পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ চেষ্টা চলাইছে বুলি ক্ষোভ প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰকো সমালোচনা কৰি কয় যে ৰাজ্য চৰকাৰখন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কথা মতে উঠা-বহা কৰা চৰকাৰ। কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰে কেৱল পুঁজিপতি লোকৰ স্বাৰ্থতে কাম কৰি আহিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰৰিবাদকাৰী সকলে কোনো কাৰণতে বিদ্যুৎ বিভাগ ব্যক্তিগতকৰণ হ’বলৈ নিদিয়ে বুলি মন্তব্য প্ৰকাশ কৰি আগন্তক দিনত বিদ্যুৎ বিভাগ ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। চৰকাৰে বিদ্যুৎ বিভাগটোক ব্যক্তিগতকৰণ কৰিলে ইয়াৰ ফলত সবাতোকৈ অধিক ক্ষতিৰ সন্মুখীন হ’ব বিদ্যুৎ বিভাগৰ লগত জড়িত কৰ্মচাৰী সকল বুলিও মন্তব্য কৰে বিদ্যুৎ বিভাগৰ প্ৰতিবাদকাৰী সকলে।