গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুলাই: ৰং চেনেল যোগে অসমীয়া ধাৰাবাহিক “জোনালী এল.এল .বি ” আৰু ইতিমধ্য জোনাক,দূৰদৰ্শন আদি কেইবাটাও চেনেলৰ ধাৰাবাহিকত সুন্দৰ  অভিনয় কৰি দৰ্শকৰ মন জয় কৰিব লৈ সক্ষম হোৱা মোহময়ী অভিনেত্ৰী গায়ত্ৰী বৰাক এইবাৰ দেখা পোৱা যাব ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত । অভিনয় কৰাৰ উপৰিও গায়ত্ৰী বৰা এগৰাকী সুন্দৰ নৃত্য পতিয়সী। ২০১৮-১৯ নাট্যবৰ্ষত তেওঁ সাজু হৈছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ ভাগ্যদেৱীৰ বাবে। থিয়েটাৰ ভাগ্যদেৱীৰ আটাইকেইখন নাটকতে গায়ত্ৰী বৰা ক দেখা যাব ভিন্ন চৰিত্ৰত। আশা কৰো তেওঁৰ ভ্ৰাম্যমাণ নাট্যজগতৰ এই যাত্ৰা অটুট থাকক।