বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ শালবাৰীত শুক্ৰবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰাপ্ত তথ্য মতে শুক্ৰবাৰে পুৱা প্ৰায় ৬ বজাত স্থানীয় ৰাইজে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পথাৰত যুৱক এজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি বইটামাৰী আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মৃতদেহটো বইটামাৰী পঞ্চপুৰ প্ৰথম খণ্ডৰ দৰবাৰু শ্বেখৰ পুত্ৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰফিকুল ইছলাম’ৰ বুলি চিনাক্ত হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ তিনিশতাধিক ৰাইজ বইটামাৰী আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীৰ কৰ্তব্যৰ গাফিলতিৰ বাবেই যুৱকজনে কৰুনভাবে মৃত্যুক আকোঁৱালি লব লগা হল বুলি অভিযোগ তুলি আৰক্ষী চকীৰ চৌহদ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে অভিযোগ কৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বজাত উত্তৰ শালমাৰা দিশৰপৰা চাপৰ অভিমুখে গৈ থকা এএছ-১৭-এইচ-৫৯৫০ নম্বৰৰ মাৰুতি ভান এখনৰ সৈতে এএছ-০১-এম-৪৮৬০ নম্বৰৰ টিভিএছ বাইক এখনৰ সংঘৰ্ষ হৈছিল। দুৰ্ঘটনাৰ খৱৰ পাই বইটামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাৰুতি ভেনখনৰ চালক হেমেন বৰ্মণ আৰু দুই মহিলাক আৰু এজন পুৰুষ আৰোহীক এটি শিশুসহ মাৰুতি ভানখন আৰু দুৰ্ঘটনাগ্ৰস্থ বাইকখন আৰক্ষী চকীলৈ লৈ আনে। আৰক্ষীয়ে ঘটনাস্থলীত বাইকখনৰ আৰোহীক বিচাৰি নাপাই আৰক্ষী চকীলৈ উভতি যায় আৰু আৰক্ষীয়ে ভানখনৰ চালক আৰু আৰোহী সকলক নিশাই যাবলৈ দিয়ে। শুক্ৰবাৰে পুৱাৰ ভাগত দুর্ঘটনাস্থলীৰ পৰা এশ মিটাৰ আতৰত বাইক আৰোহী যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ৰাইজ উত্তেজিত হৈ পৰে। ৰাইজে অভিযোগ কৰা মতে আৰক্ষীয়ে ভালদৰে বিচাৰ খোচাৰ কৰা হলে যুৱকজনে মৃত্যুক আকোৱালি লব লগা নহলহেতেন। উত্তেজিত ৰাইজে দীৰ্ঘসময় ধৰি আৰক্ষীৰ গাফিলতিৰ বিৰুদ্ধে ন্যায় বিচাৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিৎ বৰা, উত্তৰ শালমাৰা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতিম নেওগ আৰু মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু আৰক্ষী চকীত উপস্থিত হৈ তদন্ত যোগে ঘটনাৰ সুবিচাৰ কৰাৰ আশ্বাস দিয়াত পৰিস্থিতিৰ শাম কাটে।