নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ শুক্ৰবাৰে বহাগৰ উৰুকা উপলক্ষে পৰম্পৰা ৰক্ষা কৰি সমূহীয়া মাছ মাৰিবলৈ ওলাই আহিল ৰাইজ। প্ৰতি বছৰৰ দৰে এইবেলিও ৰাইজ সমূহীয়াকৈ মাছ মাৰিবলৈ নগাঁও জিলাৰ দীঘলী বিলত।নগাঁও জিলাৰ হাটীচুং মৌজাৰ প্ৰায় কুৰিখন গাঁৱৰ কেইবাশ লোকে হাতে হাতে পল, জাকৈ, জাল লৈ শুক্ৰবাৰে পুৱাই মাছ মাৰিবলৈ নামি পৰে দীঘলী বিলত। কাৰোবাৰ জালত পৰিল চিতল, কোনোবাই আকৌ পালে বৰালি, কোনোবাই পালে শ’ল, কোনোৱেই ঘৰলৈ নিলে ৰৌ। কিছুমানে আকৌ মাছ নাপালেও, মাছ ধৰাৰ অনাবিল আনন্দ উপভোগ কৰিলে। উল্লেখ্য যে বহাগৰ উৰুকাৰ দিনা এনেদৰে পূৰ্বৰে পৰা নগাঁও জিলাৰ দীঘলী বিলত বিলত মাছ ধৰি আহিছে অঞ্চলটোৰ ৰাইজ। উৰুকাৰ দিনা পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এইবেলিও দীঘলী বিলত ভেদা ভেদ পৰিহাৰ কৰি সমূহীয়া মাছ মাৰিলে অঞ্চলবাসী।