হোজাই, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ উৰুকাৰ দিনাই হোজাইত হিলডোল ভাঙি আহিল বৰদৈচিলা। শুক্ৰবাৰে হোজাইত প্ৰায় আধাঘণ্টা ধৰি চলা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত স্তব্ধ হৈ পৰে সমগ্ৰ হোজাই জিলা। শিলাবৃষ্টিয়ে প্ৰচণ্ড গতিত আঘাত কৰে পথৰ দাঁতিত থকা যান বাহন সমূহ।শিলাবৃষ্টিয়ে তচ নচ কৰি পেলাইছে সেউজীয়া গছৰ পাত সমূহ। বগা বৰফৰ আচ্ছাদে ভৰি পৰিছে হোজাইৰ ৰাজপথ। শুক্রবাৰে বিয়লি ভাগত হোৱা শিলাবৃষ্টিয়ে হোজাইত উৰুকাৰ বজাৰত কেনা লগোৱাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। প্ৰথমবাৰৰ বাবে হোজাই অঞ্চলত এনে শিলাবৃষ্টি হোৱা বুলি একাংশই মন্তব্য দিয়ে।