ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ১২ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰ পঞ্চায়তৰ হিমলুগুৰীৰ সোণজানত সোমবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিত নিহত হৈছিল অন্তেশ্বৰ মহন্ত (৪৩) আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত(২৫)। অন্তেশ্বৰ মহন্ত কাকপথাৰৰ কৈলাশপুৰ পঞ্চায়তৰ গাঁৱৰক্ষী বাহিনীৰ সভাপতি আছিল আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্ত কাকপথাৰ আঞ্চলিক ছাত্র সংস্থাৰ প্ৰাক্তন আছু নেতা আছিল। সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলিচালনাৰ ফলত অন্তেশ্বৰ মহন্ত ঘটনাস্থলীতে নিহত হৈছিল যদিও তেওঁৰ পুত্ৰ কৰুণ মহন্তক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হৈছিল। কিন্তু এই দৰে পিতা পুত্ৰৰ ওপৰত গুলিবর্ষণ কৰি হত্যাৰ কৰাৰ উদ্দেশ্য কি আছিল ইয়াকে লৈ ৰাজ্যবাসী জল্পনা কল্পনা কৰি থাকোতে মঙলবাৰে বাৰে বিভিন্ন সংবাদ মাধ্যমলৈ আহিল আলফা (স্বাধীন)ৰ মেইল। মেইলত আলফা (স্বাধীন)ৰ ফালৰ পৰা জনোৱা হয় যে অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তই আৰক্ষী আৰু সেনাবাহিনীৰ হৈ আলফা (স্বাধীনৰ) বিৰুদ্ধে চোৰাংচোৱা কৰি আছিল। অন্তেশ্বৰ মহন্তই লগতে আলফা (স্বাধীন)ৰ সদস্যসকলক ধনৰ লোভ দেখুৱাই আত্মসমৰ্পন কৰাবলৈ চেষ্টা কৰিছিল। আলফা (স্বাধীন)ৰ ফালৰ পৰা অন্তেশ্বৰ মহন্তক এন কায্য নকৰিবলৈ কেইবাৰো কোৱা হৈছিল বুলি মেইল উল্লেখ আছে। আলফা (স্বাধীন)ৰ ফালৰ পৰা আৰু জানিবলৈ দিয়া হিছে যে আলফা (স্বাধীন) অন্তেশ্বৰ মহন্ত আৰু কোনো খিলঞ্জীয়া চাহ বাগিচাৰ মালিকৰ পৰা ধন দাবী কৰা নাই। ধন দাবী কৰা কোনো ব্যক্তিৰ লগত আলফা (স্বাধীন)ৰ কোনো সম্পৰ্ক নাই, ধন দাবী কৰা ব্যক্তিসকলে নিজৰ স্বাৰ্থতে আলফা (স্বাধীন)ৰ নাম ব্যৱহাৰ কৰিছে।