ৰঙিয়া, ২০ আগষ্টঃ দৰিদ্ৰতাৰ বাবে শাৰীৰিকভাৱে অক্ষম সন্তানৰ উপযুক্ত চিকিৎসা কৰাত অসমৰ্থ হৈ পৰা ৰঙিয়া পিতাম্বৰ হাটবজালীৰ দুটা দুখীয়া পৰিয়ালে সুহৃদ লোকৰ সহায় বিচাৰিছে। পিতাম্বৰ হাটবজালীৰ দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা তফাজুল আলীৰ একমাত্র  চাৰি বছৰীয়া কন্যা টিনা চুলতানাই জন্মৰ ৯ মাহ পিছৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হয়। আৰ্থিক দৈন্যতাৰ কাৰণে উপযুক্ত চিকিৎসা কৰিবলৈ অপাৰগ পৰিয়ালটোৱে কবিৰাজৰ ওচৰত চিকিৎসা কৰি কোনো সুফল পোৱা নাই। আনহাতে একে গাঁৱৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা সাইৰুল আলীৰ একমাত্ৰ ৮ বছৰীয়া পুত্ৰ ৰাজীৱ আহমেদো জন্মৰ পিছৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে সৈতে যুঁজিব লগা হৈছে।  সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়াল দুটাই বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ। দুয়োটা পৰিয়ালে সন্তানৰ চিকিৎসাৰ নামত খেতিৰ মাটি, হালৰ গৰু বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। কনমানি শিশুটি দুটাক সুস্থ কৰি তুলিবলৈ চৰকাৰক সহায়ৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়াল দুটাই। লগতে শিশুটিক সুস্থ কৰি তুলিবলৈ সুহৃদয় ব্যক্তি তথা দল-সংগঠনকো চিকিৎসাৰ বাবে সাহাৰ্য্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।