গুৱাহাটী, ২০ আগষ্টঃ সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰাহকৰ বাবে মুকলি কৰা হেপ্পী উইথ নিছান সেৱা অভিযানৰ সপ্তম সংস্কৰণৰ আৰম্ভণিতে নিছান ইণ্ডিয়াই মুকলি কৰে পানীবিহীন গাড়ী পৰিস্কাৰকৰণ ব্যৱস্থা। বলিউডৰ প্ৰখ্যাত অভিনেতা তথা নিছানৰ ব্ৰেণ্ড এম্বেছাডৰ সুশান্ত সিং ৰাজপুতে গুৰগাঁৱত নতুনকৈ আৰম্ভ কৰা নিছানৰ ৱৰ্কশ্বপত এই পৰিৱেশ অনুকূল গাড়ী পৰিস্কাৰকৰণ ব্যৱস্থাৰ মুকলি কৰে। উল্লেখ্য যে, হেপ্পী উইথ নিছান শীৰ্ষক গ্ৰাহক সেৱা অভিযান ১৭ আগষ্টৰ পৰা ২৪ আগষ্টলৈ ভাৰতৰ ১৪৮খন নিছান আৰু ডেটছান ছাৰ্ভিচ আউটলেটত চলিব। পৰিৱেশ অনুকূল আৰু উদ্ভাৱনীমূলক কাৰ ৱাশ্বৰ সামগ্ৰীবিধ গাড়ী পৰিস্কাৰ কৰিবলৈ অতিৰিক্ত পানী প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়। এই ব্যৱস্থাৰ ফলত আঠ দিনীয়া নিছানৰ অভিযানটোত প্ৰায় ২.৮ নিযুত লিটাৰ পানী সংৰক্ষণ হোৱাৰ বিপৰীতে প্ৰতি বছৰে প্ৰায় ১৩০ নিযুত লিটাৰ পানী সংৰক্ষণ কৰিব পৰা যাব। অভিযান উদ্বোধনী অনুষ্ঠানত নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক অৰুণ মালহোট্ৰাই কয় যে, গ্ৰাহকৰ সুবিধাৰ্থে হেপ্পী উইথ নিছান ছাৰ্ভিচ কেম্পেইনৰ সপ্তম সংস্কৰণৰ অংশ হিচাপে আমি আৰম্ভ কৰিছো পৰিৱেশ অনুকূল পানীবিহীন গাড়ী পৰিস্কাৰকৰণৰ সুবিধা। ভাৰতৰ বিভিন্ন স্থানত থকা আমাৰ গ্ৰাহকসকলক প্ৰদান কৰিবলৈ বিচৰা মসৃণ স্বত্বাধিকাৰৰ সুবিধাৰ ক্ষেত্ৰত এয়া মাথোঁ এক নমুনাহে।
হেপ্পী উইথ নিছান অভিযানত আছে ৬০বিধ গাড়ী পৰীক্ষণ, গাড়ীৰ অংশত আকৰ্ষণীয় ৰেহাই, বিনামূলীয়া টপৱাশ্ব আৰু দায়িত্বপ্ৰাপ্ত নিছান ছাৰ্ভিচ চেণ্টাৰত ছাৰ্ভিচিং আৰু গাড়ীৰ অংশ লগোৱাৰ ক্ষেত্ৰতআকৰ্ষণীয় ৰেহাই। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ উপাধ্যক্ষ সঞ্জীৱ আগৰৱাল কয় যে, হেপ্পী উইথ নিছানে গ্ৰাহকৰ সৈতে অধিক যোগাযোগৰ বাবে সুবিধা প্ৰদান কৰিছে। সুন্দৰ আফটাৰ ছেলছ ছাৰ্ভিচ আৰু গ্ৰাহকসকলৰ সুকীয়া প্ৰয়োজনীয় পূৰণ কৰিবলৈ উদ্ভাৱনীমূলক তথা বৈচিত্ৰ্যময় সেৱা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
নেটৱৰ্ক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে গ্ৰাহকসকলৰ বাবে মসৃণ নগদবিহীন ধন আদায়ৰ সুবিধা দিবলৈ নিছানে পেটিএমৰ সৈতে অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে।