গুৱাহাটী, ১৯ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত পল্টনবজাৰস্থিত নলিনীবালা দেৱী উদ্যানত এক স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। জিলা সভাপতি বিচিত্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্ত্তী, মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত হাবি-বননি তথা অপৰিষ্কাৰ হৈ থকা উদ্যানখন দলৰ কৰ্মীসকলে পৰিষ্কাৰ কৰে আৰু ভৱিষ্যতেও পৰিষ্কাৰ কৰি থাকিব বুলি সংকল্প লয়। সাংসদ বিজয়া চক্ৰৱৰ্ত্তীয়ে উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে সাংসদ পুঁজিৰ পৰা ৩ লাখ টকা আগবঢ়াব বুলি জানিবলৈ দিয়ে৷ আনহাতে মেয়ৰ মৃগেন শৰণীয়াইও উদ্যানখনৰ উন্নতিকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণৰ প্রতিশ্রুতি দিয়ে। জিলা সভাপতি বিচিত্ৰ নাৰায়ণ কলিতাই উদ্যানখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে স্বচ্ছ ভাৰত অভিযানত সহযোগিতা আগবঢ়াই আঁচনিখন সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। গুৱাহাটী মহানগৰ জিলা সমিতিৰ উপ-সভাপতি তথা জেষ্ঠ কৰ্মী অনিল সিং, উপ সভানেত্রী মামণি মহন্ত, সাধাৰণ সম্পাদক দিপাংকৰ ভট্টাচার্য, মহিলা মৰ্চাৰ সভানেত্রী লাৱণ্য দেৱীৰ লগতে দলৰ শতাধিক কৰ্মীয়ে এই স্ব ভাৰত অভিযানত অংশ গ্ৰহণ কৰে।