গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : সংযুক্ত লোকসেৱা আয়োগ চমুকৈ ইউ পি এছ চিৰ সদ্যঘোষিত ফলাফলত অসমৰ বহুকেইগৰাকী মেধাৱীয়ে সাফল্য বুটলিবলৈ সক্ষম হল ।

অসামৰিক আৰু অন্যান্য ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক ফলাফলৰ ৬৪৫ স্থানত উজ্জ্বলিল বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বুল্লাৰ তাতিপাৰাৰ ভৱেন বসুমতাৰী আৰু সুমিত্ৰা বসুমতাৰীৰ সুযোগ্য সন্তান তাপশ বসুমতাৰীয়ে আজুৰি আনিলে এই বৃহৎ সাফল্য ।

সৰুৰে পৰা পঢ়া-শুনাত মেধাৱী তাপশৰ দেউতাক ভৱেন বসুমতাৰীয়ে লীলাবাৰীস্থিত এয়াৰপোৰ্ট অথৰিতৰ সাধাৰণ চাকৰিয়াল । স্থানীয় চেইণ্ট ক্লাৰেট পৰৱৰ্তী সময়ত কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰি এই সৰ্বভাৰতীয় পৰীক্ষা তথা ইউ পি এছ চিৰ বাবে কঠোৰ পৰিশ্ৰম তথা প্ৰস্তুতি চলায় । অৱশেষত নিজৰ এই পৰিশ্ৰমৰ ফল পাবলৈ সক্ষম হল তাপশে ।

প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথমতেই এনেধৰণৰ সাফল্যত ৰাজ্যবাসীৰ লগতে পৰিয়ালৰ লোকৰ মাজত এতিয়া উৎসৱমূখৰ পৰিবেশ দেখা পোৱা গৈছে । বহু শুভাকাংক্ষীয়ে ভিৰ কৰিছে মেধাৱী তাপশ বসুমতাৰীৰ ঘৰত । তাপশ বসুমতাৰীৰ এই সাফল্যত উৎফুল্লিত পিতৃ-মাতৃও ।