নগাঁও, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকী এমাহৰ বাবে আহিছে আৰু আজি দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মী চিৰ দিনৰ কাৰণে বিজেপিত যোগদান কৰিছে। – এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

শনিবাৰে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত দলটোৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক সভাত নিজৰ চমু ভাষণত ৰঞ্জিত দাসে কয়, বিজেপি অকল এটা দল নহয়, এক মিচনহে। আজি এই আনুষ্ঠানিক যোগদানে এটা কথা প্ৰমাণ হৈছে যে নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ বাদে সাধাৰণ সম্পাদক, মুখপত্ৰ সহ সকলোৱে বিজেপিত যোগদান কৰি দলটোক শক্তিশালী কৰিলে। ভাৰতবৰ্ষৰ সকলো নাগৰিক বিজেপিত যোগদান নকৰালৈকে যোগদান পৰ্ব অনাগত সময়তো চলি থাকিব। আমাৰ দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা অধিক শক্তিশালী নেতা বুলি উল্লেখ কৰি দাসে লগতে কয়, এইবাৰ ৰূপক শৰ্মা ১.২৫ লক্ষাধিক ভোটাৰ ব্যৱধানত জয়ী হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে।

সভাখনত ৰাজ্য চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত থাকি নিজৰ ভাষণত কয়, আজি বিজেপিত যোগদান কৰা পুৰণি কংগ্ৰেছ কৰ্মী সকলক লগত পাই অতিকৈ সুখী। এই সকলক যথাস্থানত স্থান দিয়া হ’ব। এইবাৰৰ নিৰ্বাচন এটা প্ৰত্যাহ্বান বুলি উল্লেখ কৰি হাজৰিকাই কয়, নগাঁৱত দমননীতিৰে ৰাজনীতি কৰা ৰকিবুল হুছেইনক পৰাভূত কৰিব লাগিব। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ এগৰাকী ৰিজেক্টেট নেতা আৰু আমাৰ দলৰ প্ৰাৰ্থী ৰূপক শৰ্মা এগৰাকী ইলেকট্ৰেট নেতা। কংগ্ৰেছ চৰকাৰৰৰ আমোলত ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ বন মন্ত্ৰী হৈ থাকোতে কাজিৰঙাত বহু গড় হত্যা হৈছে। এতিয়া গড় হত্যা বহু পৰিমাণে হ্ৰাস পাইছে বুলি উল্লেখ কৰি পিয়ুষ হাজৰিকাই নগাঁৱৰ ৰাইজে তেনে নিশ্চিত নিবিচাৰে।

তেওঁ প্ৰদ্যুৎ বৰদলৈক একালৰ আন্ধাৰৰ ৰজা হিচাপে ৰাইজৰ মাজত পৰিচিত নেতা বুলি মন্তব্য কৰে। সভাখনত সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই ভাষণ প্ৰদান কৰি কয়, সমাগত লোকসভা নিৰ্বাচনত বিজেপি দল শক্তিশালী ভাবে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুণৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলি মন্তব্য কৰি।নগাঁৱৰ ৰাইজক বিজেপি আৰু অগপৰ মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত নগাঁও জিলা কংগ্ৰেছৰ মুখপত্ৰ জয়ন্ত বৰা, সাধাৰণ সম্পাদক বিতন শৰ্মা, কংগ্ৰেছ নেতা ৰাজু নাথ, দিলীপ বৰা, সীমান্ত বৰা, নেত্ৰকমল দাস, অতুল বৰা, মিনা বৰা, ৰিংকুমনি শ‌ইকীয়া, ছবিৰাণী দাস, কিশোৰ দাস, এআইইউডিএফ নেতা কাৰ্তিক সাহা, অভিনেতা ৰাগ ঐনিতম, যুৱ নেতা সাগৰ বৰাকে ধৰি কেবাটাও ৰাজনৈতিক দলৰ দুই সহস্ৰাধিক লোকে বিজেপিৰ ৰাজ্যিক ৰঞ্জিত দাস, মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু প্ৰাৰ্থী ৰূপক শৰ্মাৰ ওচৰত বিজেপিত যোগদান কৰে। সভাখনত বিজেপিৰ জিলা সভাপতি জয়ন্ত নাথ, বিজেপি নেতা প্ৰমোদ লস্কৰ, সংখ্যালঘু মৰ্চাৰ নেতা আমিনুৰ ৰহমান, দিন দিয়েক পুৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতা বিভুতি বৰঠাকুৰ আদিকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে।

শনিবাৰৰ উক্ত সভাত নগাঁও জিলা কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি কৰি জিলা কংগ্ৰেছৰ কেবা গৰাকী শীৰ্ষ নেতাসহ সহস্ৰাধিক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা ঘটনাই ৰাজনৈতিক মহলত সৰৱ চৰ্চা লাভ কৰিছে। এনেদৰে বৃহৎ সংখ্যক নেতাই কংগ্ৰেছ ত্যাগ কৰাত কংগ্ৰেছ দল তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন
হোৱাটো নিশ্চিত হৈ পৰিল।