আজিজুল হক

বৰপেটা

১ নৱেম্বৰ

ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিখন দেওবাৰে গঠন কৰা হয়। কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাজ্যিক সমিতিৰ উপ সভাপতি হেমেন শৰ্মাৰ উপস্থিতিত কয়াকুছি প্ৰেছ এছোচিয়েচন”ৰ সভাপতি আহমেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত গঠন হোৱা সমিতিখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল অন্তৰ্ভুক্ত হয়।

সাংবাদিক আব্দুল জলিলক সভাপতি, প্ৰদীপ কুমাৰ সৰকাৰ, মনমুল হকক উপ-সভাপতি, আজিজুল হকক কাৰ্যকৰী সভাপতি, মনজিৎ দাসক সাধাৰণ সম্পাদক, সেখ ৰহমত উল্লাহক সম্পাদক, ছৈয়দ আফতাদ, লুতফৰ ৰহমানক সহকাৰী সম্পাদক, ৰহমত আলী, জাইদুল ইছলামক প্ৰচাৰ সম্পাদক, ছানোৱাৰ আল হাছানক মুখপাত্ৰ হিচাপে লৈ মুঠ ৩১ জনীয়া সদস্যৰে বৰপেটা জিলা পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। সমিতিখনত আহম্মদ আলী, ৰমিজ উদ্দিন আহমেদ, তোতা মিঞা আৰু মুকুট আলী উপদেষ্টা হিচাপে থকাৰ লগতে ৰমেজউদ্দিনক আইন উপদেষ্টা হিচাপে লোৱা হয়। সভাৰ শেষ মূহুৰ্তত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই উপস্থিত থাকি নতুনকৈ গঠন হোৱা সমিতিখনক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাংবাদিক সকলে নিজৰ প্ৰাপ্যৰ বাবে চৰকাৰতকৈ সংশ্লিষ্ট প্ৰতিষ্ঠানৰ মালিক পক্ষৰ ওচৰত দাবী তোলাৰ অধিক থল, প্ৰাসংগিকতা আছে বুলি মতপোষণ কৰে।

সমিতি গঠনৰ পিছতে সমিতিয়ে বৰপেটা ৰোডৰ সাংবাদিক আব্দুল খালেকৰ আক্ৰমণকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়। অন্যথা জিলাখনৰ সকলো প্ৰান্তৰ সাংবাদিক সকলে বাতৰি পৰিবেশনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সমিতিয়ে।