মুস্তাক আহমেদ

জুৰীয়া

১ নৱেম্বৰ

পৰ্যটক সকলৰ বাবে সুখবৰ।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা লাওখোৱা অভয়াৰণ্যৰ অন্যতম প্ৰধান পৰ্যটনস্থলী কাটাখাল আনুষ্ঠানিকভাৱে মুকলি হ’ল পৰ্যটকৰ বাবে। অভয়াৰণ্যখনৰ কাটাখালৰ লগতে দন্দুৱা বিলৰ পাৰক আকৰ্ষণীয় বনভোজস্থলী ৰূপত গঢ়ি তুলিছে বন বিভাগে।

শীতৰ আগমনৰ লগে লাগে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগ সাজু হৈ পৰিছে পৰ্যটক সকলক আদৰিবলৈ। অসমৰ প্ৰকৃতিক সৌন্দৰ্যৰ লগতে অসমৰ বনাঞ্চল আৰু বন্যপ্ৰাণী সমূহ দেশ-বিদেশৰ পৰ্যটক সকলৰ আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু। কৰ’ণা ভাইৰাছৰ মাধমাৰে কঁকাল ভাঙি দিয়া ৰাজ্যৰ পৰ্যটন উদ্যোগটোক পুনৰ এক সবল স্থিতিলৈ ঘূৰাই অনাৰ চেষ্টাৰে পৰ্যটন উদ্যোগৰ কান্ধত কান্ধ মিলাই পূৰ্বতকৈ অধিক উৎসাহেৰে আগুৱাই আহিছে ৰাজ্যৰ বন বিভাগে। ইতিমধ্যে বন বিভাগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰ্যটক সকলৰ বাবে মুকলি কৰিছে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোন।

কাজিৰঙাৰ পিছতে শনিবাৰে পহিলা নৱেম্বৰ দিনাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল নগাঁও বন্যপ্ৰাণী বিভাগৰ অধীনস্থ লাওখোৱা অভয়াৰণ্য। অভয়াৰণ্যটোৰ সূতিৰপাৰ বীট অফিচৰ নিকটবৰ্তী কাটাখালক পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তুলিছে বন বিভাগে।কাটাখাল বিশেষকৈ জনাজাত আকৰ্ষণীয় বনভোজস্থলীৰ বাবে। কাটাখালৰ লগতে দন্দুৱা বিলৰ পাৰকো বনভোজস্থলী হিচাপে এইবাৰ অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তুলিছে বন বিভাগে। উল্লেখযোগ্য যে যোৱা বছৰো কাটাখাল আৰু দন্দুৱা বিলৰ পাৰ হৈ পৰিছিল স্থানীয় পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী। স্থানীয় পৰ্যটকৰ সোঁত বৈছিল কাটাখাল আৰু দন্দুৱা বিলৰ পাৰলৈ।

যোৱা বছৰ প্ৰথম অৱস্থাত বন বিভাগে এক মোটা অংকৰ ৰাজহো লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বছৰৰ মাজ ভাগত কৰ’ণা ভাইৰাছৰ বাবে বৃহৎ লোকচনাৰ সম্মুখীন হ’বলগীয়া হৈছে বন বিভাগ। যোৱা বছৰৰ লোকচানক পাহৰি এই বছৰ পুনৰ এক নতুন উৎসাহেৰে বন বিভাগ প্ৰস্তুত হৈছে পৰ্যটক সকলক আদৰিবলৈ। দেওবাৰে অভয়াৰণ্যখনৰ মুকলি অনুষ্ঠনাত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক টি শিবকুমাৰ, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বনবিষয়া অৰুণ ভিগনেছ, নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধাৰী লগতে বিভিন্ন বনসমণ্ডলৰ বনবিষয়া সকল।