মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২ নৱেম্বৰ

গোসাঁইগাঁৱৰ তুলসীবিলত মৰ্মান্তিক ঘটনা। চিপ লৈ একেটা পৰিয়ালৰ পাঁচ গৰাকী লোকৰ আত্মহত্যা। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু শোকৰ ছাঁ।  

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল বজাৰত ভাড়া ঘৰত থকা একেটা পৰিয়ালৰ পাঁচ গৰাকীকৈ লোকে দেওবাৰে নিশা চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ মহকুমাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তুলসীবিল বজাৰত ভাড়া ঘৰত থাকি সৰু-সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া থকা নিৰ্মল পাল নামৰ ব্যক্তি গৰাকীৰ গৃহত সোমবাৰে পুৱাৰ ভাগত এই হৃদয় বিদাৰক ঘটনাটো প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত এক শোকাকূল পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্মল পালৰ ঘৰত শাৰীবদ্ধভাৱে নিৰ্মল পাল আৰু পত্নীসহ তিনিগৰাকী কন্যাৰ চিপ লোৱা অৱস্থাত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে চিকিতালায়লৈ প্ৰেৰণ কৰে। আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা পৰিয়ালটোৰ সদস্য সকল হৈছে ক্ৰমে নিৰ্মল পাল, নিৰ্মল পালৰ পত্নী মল্লিকা পাল আৰু নিৰ্মল পালৰ তিনি গৰাকী কন্যা ক্ৰমে প্ৰিয়া পাল, নেহা পাল আৰু দীপা পাল।

পৰিয়ালটোৰ সকলো সদস্যই এইদৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।