কৈলাস ডেকা,নলবাৰী, সংবাদ ৩৬৫, ১৬ জুলাইঃ নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰী গৃহ জিলাত পৰিবহণ বিষয়াৰ কাৰ্য্যালয় থকাৰ পিছতো হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৰাইজ। এখন লাইচেন্সৰ বাবে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰিব লগীয়া হৈছে। তাৰ পিছতো দিনৰ দিনটো তাৎ বাটি কাঢ়িও নাপায় ড্ৰাইভিং লাইচেন্স। দীৰ্ঘদিন ধৰি ৰাইজ হাৰাশাস্তি খোৱাৰ পিছতো গুৰুত্ব নাই বিভাগীয় মন্ত্ৰীৰ। দুৰ্নীতি অনিময় তথা দলালৰাজে ছানি ধৰা কাৰ্য্যলয়টো বিগত ১৫ দিন ধৰি নাই পৰিবহন বিষয়া নাই যান-বাহন পৰিদৰ্শক। উল্লেখযোগ্য যে কাৰ্য্যলয়টোৰ পৰিবহণ বিষয়া আৰু যান বাহন পৰিদৰ্শক দুয়োগৰাকী বিষয়াক কৰ্তব্যৰ গাফিলতিৰ কাৰণে নিলম্বন কৰিছিল। আনকি দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰে কৰোনাৰে ধন চপোৱাৰ অভিযোগ আছে। উক্ত বিষয়া দুগৰাকীৰ কোঠাত সুদীৰ্ঘ ১৫ দিনে ধৰি তলা ওলমি থকাত কাৰ্য্যালয়টোলৈ অহা সাধাৰণ ৰাইজ জীয়াতু ভুগিছে। এই ক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰীৰ নিজৰ জিলাখনতে এই বিভাগীয় কাৰ্য্যলয়টো নিমাতী কইনাৰ ভাও জোৰাত ৰহস্যৰ গোন্ধ পাইছে জিলাখনৰ ৰাইজে৷ এটা গুৰুত্বপূৰ্ণ বিভাগৰ দুগৰাকী বিষয়াৰ অনুপস্থিতত কাৰ্য্যলয়ৰ অচলাৱস্থাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য য়ে নলবাৰী জিলা প্ৰশাসনে তৎকালীন ভাবে জিলাখনৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ বৰাক অতিৰিক্ত দায়িত্ব দিছিল যদিও কাৰ্য্যলয়টোত দেখা পোৱা নগল বিষয়া গৰাকীক।