ধুবুৰী, সংবাদ ৩৬৫, ১৬ জুলাইঃ ৰাজ্যত কলা বজাৰে গ্ৰাস কৰিছে। দুদিন পূৰ্বে জিলা দণ্ডাধীশ শান্তা ছেত্ৰীয়ে ধুবুৰীত যোগান বিভাগৰ পৰিদৰ্শকক লগত লৈ চোৰাং চাউলৰ বিৰুদ্ধে এক অভিযান চলাইছিল। বিভাগীয় তদন্ত চলি থকাৰ সোমবাৰে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী ধুবুৰীত উপস্থিত হৈ চোৰাং চাউলক লৈ বিস্ফোৰক মন্তব্য কৰাৰ লগতে চোৰাং বেপাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি নিজৰ বক্তব্য প্ৰকাশ কৰে। অভিযানত ধুবুৰীৰ দুটাকৈ গুদাম ঘৰ ছিল কৰিছিল দণ্ডাধীশে। উল্লেখযোগ্য যে, ধুবুৰী নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰে নিজৰ ধুবুৰী এগ্রো ইণ্ডাষ্ট্ৰিত পশ্চিম বংগৰ বিভিন্ন ব্ৰেণ্ডৰ পেকেটত বেআইনি ভাবে চাউল পেকেটিং কৰি চলাই আহিছিল এক চাউলৰ বৃহৎ কলা বজাৰ। তাৰোপৰি কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ বজাৰৰ পৰা ধান ক্ৰয় কৰি কুইণ্টলে কুইণ্টলে চাউল নিজৰ মিলত প্ৰস্তুত কৰি আহিছিল। পূৰ্বেও বজাৰ সমিতিৰ সভাপতি আব্দুছ ছবুৰৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপন হৈছে যদিও বিভাগীয় আশীৰ্বাদৰ বাবেই ৰেহাই পাইছে চাউল মাফিয়া আব্দুছ ছবুৰ। প্ৰশ্ন হয়, ধুবুৰী নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি হোৱাৰ সুবাদতে পুনৰবাৰ ৰেহাই পাব নেকি কলা বেপাৰী আব্দুছ ছবুৰ। কিন্তু নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি হলেও ৰেহাই নাপায় বুলি উল্লেখ কৰিলে মন্ত্ৰী ফণী ভূষণ চৌধুৰী আৰু বিধায়ক অশ্বিনী ৰায় সৰকাৰে।