গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ পৰিৱৰ্তনকামী আৰু উন্নয়নমুখী বিজেপি চৰকাৰ পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰি বিৰুৱাৰী অঞ্চলৰ ৰাইজ ৰাজপথত। ৰাজ্যত সৰ্বন্দন সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাখন গঠনৰ দুবছৰ উকলি যোৱাৰ পিছতো উন্নয়নৰ মুখ দেখা নাই মহানগৰীৰ বিৰুৱাৰীবাসী। ৰাজ্য  চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃতস্বৰূপ মহানগৰীৰ বাট পথ সমূহ দেখিলেই বুজিব পাৰি। মহানগৰীৰ বাট পথ সমূহৰ অচলাৱস্থাই ব্যতিব্যস্ত কৰি তুলিছে মহানগৰবাসীক। বাট পথৰ অচলাৱস্থাত ব্যতিব্যস্ত হৈ বুধবাৰে পুৱাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰুবাৰীবাসী। বাট পথৰ দুৰৱস্থাৰ, অপৰিষ্কাৰ নলা নৰ্দমা, ষ্ট্ৰীত লাইট অভাৱকে ধৰি বিভিন্ন সমস্যাই অঞ্চলটো জুৰুলা কৰি ৰখাৰ ফলত বুধবাৰে বিৰুৱাৰীবাসী ৰাইজ গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত হাতে হাতে বেনাৰ পোষ্টৰ লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে। অঞ্চলবাসীয়ে গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা পথ অৱৰোধ কৰি অতি শীঘ্ৰে অঞ্চলটোত থকা পথ সমূহ নিৰ্মাণ কৰা, নলা নৰ্মদা পৰিষ্কাৰ কৰা আৰু নিশা আন্ধাৰ ডুব যোৱা অঞ্চলটোত ষ্ট্ৰীত লাইট ব্যৱস্থা কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।