পানেৰী, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনাই ৰাজ্যক জোকাৰি যোৱাৰ সময়তে পুনৰ এক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত কুলশি নৈৰ দলংত এগৰাকী ছাত্ৰীক কেইজনমান লম্পটে ধৰ্ষণৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে পানেৰীৰ এগৰাকী ছাত্ৰী মঙলবাৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দি ঘৰলৈ উভতি যোৱাৰ সময়ত কেইজনমান লম্পটে ছাত্ৰীগৰাকীক কুলশি নৈৰ দলংৰ ওপৰত দলবদ্ধ ধর্ষণৰ অপচেষ্টা চলায়। ছাত্ৰী গৰাকী লম্পট কেইজনৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈ পৰিয়ালৰ লোকক এই কথা অৱগত কৰাৰ পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে পানেৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত পাঁচজন লোকক সোধা পোছাৰ বাবে আটক কৰিছে। ভুক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাৰ লগত জড়িত থকা লোক সকলক আৰক্ষীয়ে অতি শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে।