ৰঙিয়া, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ ৰাজ্যত স্বাস্থ্য বিভাগত শিক্ষা বিভাগৰ দৰে গুণোৎসৱৰ আয়োজন কৰিব বিচৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মৰ স্বাস্থ্য বিভাগখনৰ অৱস্থা দিনক দিনে নিম্নগামী হব ধৰিছে। আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল, ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়খন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাল নুবুৱা গৰু। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ ফলক থকা গৃহটোৰ ভিতৰত চিকিৎসা সেৱাৰ বাবে নাই কোনো যন্ত্ৰপাতি, এক্সৰে মেচিন আছে কিন্তু এবছৰ ধৰি বিকল হৈ আছে, আল্ট্ৰা চোনোগ্ৰাফী মেচিন আছে কিন্তু মেচিনটো চলোৱাৰ বাবে নাই লোক ঠিক সেইদৰে চিকিৎসালয়খনত প্ৰত্যোকতো বিভাগৰ বিপৰিতে পৰ্য্যপ্ত পৰিমানৰ চিকিৎসক নিযুক্তি নিদিয়াৰ ফলত উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে ৰোগীসকল। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয় কতৃপক্ষই ইতিমধ্যে এই সম্পৰ্কে কেইবাবাৰো লিখিত আবেদন কৰাৰ পিছতো আজিকোপতি কোনো সহাৰি নাপালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰা। চিকিৎসালয়খনৰ যন্ত্ৰপাতি সমুহ বিকল হৈ  থকাৰ বাবে ৰোগীসকলে ব্যক্তিগত নাৰ্চিং হোমত গৈ পৰীক্ষা কৰিবলৈ বাধ্য হৈ পৰাৰ লগতে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমানে ঔষধ আৰু চিকিৎসক নথকাত ৰোগী সকল যমৰ যাতনা ভূগিব লগা হৈছে।