গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয় প্ৰাক্তন বনমন্ত্ৰী ৰকিবুুল হুছেইন৷ কংগ্ৰেছ নেতা অনিল ৰাজাৰ বিৰুদ্ধে তৰা মানহানি গোচৰৰ শুনানিৰ বাবে আদালতত হাজিৰ হয় প্ৰাক্তন বনমন্ত্ৰী গৰাকীয়ে৷ ৰকিবুুল হুছেইনে আদালতত হাজিৰ হৈ নিজৰ জবানবন্দী ৰেকৰ্ড কৰালে যদিও হাজিৰ নহ’ল কংগ্ৰেছ নেতা অনিল ৰাজা৷ প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইন দুৰ্নীতিত লিপ্ত হৈ অবৈধ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰি ৰকিবুলৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ পিছত ৰকি অনিলৰ সংঘাতে ৰাজীৱ ভৱনত ধুমুহাৰ সৃষ্টি কৰিছিল। অনিল ৰজাই ৰকিবুলৰ সম্পত্তিৰ তদন্তৰ বাবে এজাহাৰো দাখিল কৰিছিল। অনিল ৰাজাৰ ৰকিৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ পিছতে প্ৰাক্তন বনমন্ত্ৰী গৰাকীয়ে ৰাজাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিছিল।