বাক্সা, সংবাদ ৩৬৫, ৩০ জুনঃ বাক্সা জিলাৰ কাউৰবাহা উপ-আৰক্ষী চকীত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই শুক্ৰবাৰে নিশা কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক আটক কৰে। কাউৰবাহা আৰক্ষী চকীৰ এটা গোচৰৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তই উৎকোচ হিচাপে ধন লৈ থকা সময়ত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই মুনীন দত্তক হাতে লোটে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে বিহাপাৰা গাঁৱৰ আনচাৰ আলী নামৰ এজন লোকে এটি গোচৰত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কাউৰবাহা উপ-আৰক্ষী চকীত জামিনৰ কাগজ পত্ৰ দিবলৈ যোৱাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তই ১ লাখ টকা দাবী কৰে। আৰক্ষী বিষয়া গৰাকীয়ে আনচাৰ আলীৰ পৰা পূৰ্বে আগধন হিচাপে সাত হাজাৰ পাঁচশ টকা লোৱাৰ পিছত শুক্ৰবাৰে ছয় হাজাৰ টকা লৈ থাকোতে পূৰ্বেৰ পৰা খাপপিটি থকা দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়া গৰাকীক হাতে-লোটে ধৰা পেলাই। দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত নবী আজাদ নামৰ আন এজন মধ্যস্থতাকাৰীকো আটক কৰে। কাউৰবাহা আৰক্ষী চকীৰ ভিতৰতে দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্ত আৰু নবী আজাদ নামৰ দালাল জনক চাৰি ঘন্টাতকৈ অধিক সময় জেৰাৰ অন্তত গুৱাহাটীলৈ লৈ যোৱা হয়। গুৱাহাটীলৈ নিয়াৰ মুহুৰ্তত কেইবা শতাধিক ৰাইজ আৰক্ষী চকীৰ চৌহদত উপস্থিত হৈ দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক কঠোৰতম শাস্তি বিহীবলৈ ধৰ্ণা দিয়ে। এই ঘটনাই সমগ্ৰ বাক্সাৰ লগতে ৰঙিয়াতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।