ঢেকীয়াজুলিৰত, সংবাদ ৩৬৫, ৩০ জুনঃ সোপাধৰাৰ সন্দেহত কাৰ্বি আংলঙ জিলাৰ ডকমকাত একাংশ অন্ধবিশ্বাসী লোকৰ নৃশংস আক্ৰমণৰ বলি হোৱা গুৱাহাটীৰ দুই যুৱকৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত পুনৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা বলি হ’ল অন্ধ বিশ্বাসৰ। শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বেলশিৰিত শুক্ৰবাৰে নিশা সোপাধৰাৰ সন্দেহত একাংশ অন্ধবিশ্বাসী ৰাইজে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক বিদ্যুৎৰ খুটাত বান্ধি প্ৰহাৰ কৰে। অৱশ্যে একাংশ সচেতন ৰাইজৰ তৎপৰতাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা মহিলা গৰাকীৰ পৰিচয় এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই৷