নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ মে’ : জুৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ শীঘ্ৰেই জালত পৰিব গ্ৰেণেড নিক্ষেপকাৰী। ইতিমধ্যে ঘটনাৰ লগত জড়িত ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেৰাত বহু নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে । প্ৰাণময়ে চাকৰিৰ প্ৰলোভন দেখুৱাইছিল বহু যুৱকক। শিক্ষিত যুৱকক আলফাত যোগদানৰ বাবে পৰোচিত কৰিছিল প্ৰাণময়ে। জুৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ প্ৰসংগত এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ ।

ইফালে , গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ পাছতেই উদ্বিগ্ন গৃহ মন্ত্ৰালয়। গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বৈঠক সৰ্বানন্দ সোণোৱালৰ । উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব, অসমৰ মুখ্য সচিবৰ লগতে ডি জি পি আৰু এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলা।

দিল্লীত অসমৰ নিৰাপত্তা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা বৈঠকত।
এন আৰ চিক লৈ হ’ব পৰা পৰিস্থিতিৰ সন্দৰ্ভতো আলোচনা বৈঠকত।